ETV Bharat / state

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকক গাঁৱত প্ৰৱেশত বাধা - Microfinance company

কৰ'ণাৰ ক্ষীপ্ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আমৰিত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিলে স্থানীয় বাসিন্দাৰ লগতে, আটাছু নেতাসকলে ৷ কোনো ধৰণৰ স্বাস্থ্যবিধি নমনাকৈয়ে ভিন্ন গ্ৰামাঞ্চলত তেওঁলোকে লেনদেন অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকৰ প্ৰৱেশত বাধা

author img

By

Published : Jul 23, 2020, 12:49 PM IST

আমগুৰি, 23 জুলাই: অসমত দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেঁওৰ শেহতীয়া টুইটত উল্লেখ কৰা অনুসৰি, অসমত 27,744 গৰাকীলৈ বৃদ্ধি পালে কৰ'ণা আক্ৰান্ত লোকৰ সংখ্যা ৷ ইয়াৰ বিপৰীতে এই মহামাৰীত আক্ৰান্ত হৈ মৃত্যুক সাৱটি লোৱা লোকৰ সংখ্যাও বৃদ্ধি পাইছে 66 গৰাকীলৈ ৷ যি সময়ত অসমৰ ভিন্ন প্ৰান্তত কৰ'ণাৰ অস্বাভাৱিক সম্প্ৰসাৰণে ভীতিগ্ৰস্ত কৰি তুলিছে সচেতন নাগৰিকক, তেনে সময়তে অসমৰ ভিন্ন গ্ৰামাঞ্চলত মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকে কোনো ধৰণৰ স্বাস্থ্যবিধি নমনাকৈয়ে লেনদেন অব্যাহত ৰখাৰ অভিযোগ উত্থাপন হৈছে ৷

মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকৰ প্ৰৱেশত বাধা আমগুৰিত

তেনেস্থলত বৃহস্পতিবাৰে আমগুৰিত এনে একাংশ ব্যক্তিক গাঁৱত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰিলে স্থানীয় বাসিন্দাৰ লগতে, টাই আহোম ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা সকলে ৷ বিগত এসপ্তাহ পূৰ্বে আমগুৰিৰ আটাছু নেতা সকলে মাইক্ৰ'ফাইনেন্স কোম্পানীলৈ এখন স্মাৰক প্ৰেৰণ কৰিছিল গাঁওসমূহত সম্প্ৰতি লেনদেন বন্ধ ৰাখিবলৈ ৷ কিয়নো আমগুৰিতো ব্যাপক হাৰত বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৷ কিন্তু তাৰ পাচতো একাংশ মাইক্ৰ'ফাইনেন্স কোম্পানীৰ লোকে গাঁৱত প্ৰৱেশ কৰাত ক্ষুব্ধ হৈ পৰে তেওঁলোক ৷ সেয়ে বৃহস্পতিবাৰে টাই আহোম ছাত্ৰ সন্থাৰ সদস্য সকলে আগন্তুক দিনত এনেদৰে পুনৰ গাঁৱত প্ৰৱেশ কৰিলে যিকোনো পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে বুলি স্পষ্ট কৰি দিয়াৰ লগতে ইয়াৰ বাবে সংগঠনটোৰ কোনো সদস্যক জগৰীয়া কৰিব নোৱাৰে বুলি সকীয়নি প্ৰদান কৰে ৷ এই মহামাৰীৰ প্ৰকোপ অব্যাহত থকালৈকে তেওঁলোকে এনেদৰে গাঁৱত আহি লেনদেন কৰিব নোৱাৰিব বুলিও উল্লেখ কৰে সংগঠনটোৰ কৰ্মকৰ্তাই ৷

লগতে পঢ়ক: সংখ্যালঘু বৃত্তিৰ ধন আত্মসাৎ কৰা অচিনতলা হাইস্কুলৰ প্ৰধান শিক্ষকক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.