ETV Bharat / state

Martyrs of Quit India Movement : ৯ আগষ্টত শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ - Quit India Movement

ভাৰত ত্যাগ আন্দোলনৰ (Quit India Movement) শ্বহীদসকলক স্মৰণ কৰিবলৈ মুক্তিযুঁজাৰু সন্মিলনে আয়োজন কৰিব ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ । অহা ৯ আগষ্টত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত আয়োজন কৰা হ'ব এই সমাৰোহৰ ।

Martyrs of Quit India Movement
ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ
author img

By

Published : Aug 6, 2022, 6:04 PM IST

শিৱসাগৰ,৬ আগষ্ট : অহা ৯ আগষ্টত অসম ৰাজ্যিক মুক্তিযুঁজাৰু সন্মিলন আৰু শিৱসাগৰ জিলা মুক্তিযুঁজাৰু সন্মিলনৰ উদ্যোগত তথা অসম চৰকাৰৰ সহযোগিতাৰে অনুষ্ঠিত হ'ব ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ (Smriti Romanthan Samaroh of Quit India Movement)। জিলাখনৰ যুৱ দৌলত অনুষ্ঠিত হ'ব এই সমাৰোহ । সমাৰোহ সন্দৰ্ভত শিৱসাগৰ জিলা মুক্তি যুঁজাৰু সন্মিলনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি উল্লেখ কৰে বিষয়ববীয়াসকলে ।

পুৱা ৫ বজাৰ পৰা বিভিন্ন অনুষ্ঠানৰ লগতে সৰ্ব ধৰ্মীয় প্ৰাৰ্থনা সভা আৰু দিনৰ ১১ বজাত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থনৰ মুকলি সভা মুক্তিযুঁজাৰু শ্ৰীকৃষ্ণ কান্ত লহকৰৰ সভাপতিত্বত অনুষ্ঠিত হ'ব । সাংসদ তপন গগৈ, মন্ত্ৰী যোগেন মহন, ৰণোজ পেগু, অখিল গগৈ আদি উপস্থিত থাকিবলগীয়া এই স্মৃতি ৰোমন্থন সমাৰোহত অসম চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক সচিব দেৱ প্ৰসাদ মিশ্ৰ, যুটীয়া গৃহ আৰু ৰাজনৈতিক সচিব অনিমেষ তালুকদাৰ আৰু অখিল ভাৰতীয় মুক্তিযুঁজাৰু সন্মিলনৰ প্ৰধান সম্পাদক নিত্যানন্দ শৰ্মাই নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকিব ।

৯ আগষ্টত শিৱসাগৰত ভাৰত ত্যাগ আন্দোলনৰ স্মৃতি ৰোমন্থন সমাৰোহ

মুক্তিযুঁজাৰু সন্মিলনৰ হৈ সহকাৰী সাধাৰণ সম্পাদক যোগেন বৰগোঁহাই, কাৰ্যবাহী সদস্য গৌতম বৰগোঁহাই, কাৰ্যবাহী সদস্য ভুৱন চন্দ্ৰ গগৈ আৰু যুটীয়া সম্পাদক সুশীল বৰুৱাই এই সংবাদ মেল সম্বোধন কৰে ।

উল্লেখ্য যে অসমৰ সৰহ সংখ্যক মুক্তিযুঁজাৰুৰ ইতিমধ্যে মৃত্যু ঘটিছে । সেয়েহে মুক্তিযুঁজাৰু পৰিয়ালবৰ্গই সৰ্ব সন্মত সিদ্ধান্ত মৰ্মে "অসম ৰাজ্যিক মুক্তিযুঁজাৰু উত্তৰাধিকাৰী সন্মিলন" নামৰ এক অনুষ্ঠান গঠন কৰি মুক্তি যুঁজাৰুসকলৰ স্বাৰ্থ-অধিকাৰ জীয়াই ৰখাৰ চেষ্টা কৰিব বুলিও সংবাদমেলত সদৰী কৰে ।

লগতে পঢ়ক :TAYPA Tribute Ceremony : আলাবৈ ৰণৰ শ্বহীদক স্মৰণ টাই আহোম যুৱ পৰিষদৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.