ETV Bharat / state

লক্​ ডাউনে বিধ্বস্ত কৰা আমগুৰিৰ কুটীৰ শিল্পীৰ মনৰ কথাৰে... - কুটীৰ শিল্পী

শিৱসাগৰৰ আমগুৰিত দীৰ্ঘদিনে কুটীৰ শিল্পৰ জৰিয়তে জীৱিকা নিৰ্বাহ কৰা এচাম শিল্পী লক্​ ডাউনৰ বাবে সন্মুখীন হৈছে আৰ্থিক সংকটৰ ৷ অতীতৰ তুলনাত বৰ্তমান স্বাভাৱিকতে প্লাষ্টিক সামগ্ৰীৰ মাত্ৰাধিক পয়োভৰে কুটীৰ শিল্পীৰ পেটত গামোচা বান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি কৰে যদিও পৰিয়ালকেইটাই এই শিল্পৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা জীৱিকা নিৰ্বাহ কৰিছিল ৷

Kutir silpo during lock down amguri sivsagar etv bharat news
কুটীৰ শিল্পীৰ দুৰৱস্থা
author img

By

Published : May 6, 2020, 1:05 PM IST

আমগুৰি,6 মে’ঃ লক্​ ডাউনৰ বাবে শিৱসাগৰৰ আমগুৰিত দুৰৱস্থাৰ সৃষ্টি হৈছে কুটীৰ শিল্পীসকলৰ মাজত ৷ আমগুৰিৰ ডিব্ৰুৱাল, নামতি মাজবাৰী, বেলিমুখীয়া চাংমাই, ৰ'দঘাইটিং আদি অঞ্চলত কুটীৰ শিল্পৰ লগত জড়িত প্ৰায় পাঁচ শতাধিক পৰিয়াল ভুগিবলগীয়া হৈছে ব্যাপক আৰ্থিক সংকটত ৷ বাঁহ-বেতৰ বিভিন্ন সামগ্ৰী যেনে- পাচি-খৰাহী, ডলা-চালনী, বিচনী, ঢৰা-ঢাৰি, জাকৈ-খালৈ, জুলুকি-পলহ আদি বিক্ৰীৰে পৰিয়ালসমূহে জীৱন নিৰ্বাহ কৰি আহিছিল ৷ পৰিতাপৰ বিষয় যে, লক্​ ডাউনৰ সময়ছোৱাত বজাৰ বন্ধ হৈ থকাত বিশেষকৈ ৰে’লৰ চলাচল বন্ধ হোৱাত উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পৰা নাই উক্ত পৰিয়ালসমূহে ।

বিগত সময়ত পৰিয়ালসমূহে সামগ্ৰীবোৰ স্থানীয় বজাৰৰ লগতে ৰে’লৰ জৰিয়তে তিনিচুকীয়াত বিক্ৰী কৰিছিল । উল্লেখ্য যে,অসমৰ গ্ৰাম্য অৰ্থনীতিৰ ভেটি মজবুত কৰাত কুটীৰ শিল্পৰ বিশেষ অৰিহণা আছে । প্ৰাচীন কালৰেপৰা বিশেষকৈ আহোম ৰাজত্বৰ কালতো কুটীৰ শিল্পক বিশেষ গুৰুত্ব প্ৰদান কৰা হৈছিল । ৰজা-মহাৰজাসকলে ইয়াৰ লগত জড়িত শিল্পীসকলক বিশেষ মৰ্যাদা প্ৰদান কৰি একোখন বিশেষ গাঁও সংস্থাপন কৰিছিল ।

Kutir silpo during lock down amguri sivsagar etv bharat news
বাঁহ-বেতেৰে সামগ্ৰী নিৰ্মাণত ব্যস্ত একাংশ লোক

কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগতে বিজ্ঞানৰ জাক-জমক উত্থান তথা প্লাষ্টিক সামগ্ৰীৰ মাত্ৰাধিক পয়োভৰে কুটীৰ শিল্পীৰ পেটত গামোচা বান্ধিবলগীয়া অৱস্থাৰ সৃষ্টি কৰে । বহু সমস্যাৰ মাজতো এইসকল শিল্পীয়ে নিজৰ ককা-আজোককাৰ দিনৰ পৰা চলি অহা বৃত্তিটোক ধৰি ৰাখি জীৱন নিৰ্বাহ কৰি আহিছে । উপযুক্ত বজাৰৰ অভাৱ আৰু চৰকাৰৰ উদাসীনতাক একপ্ৰকাৰ প্ৰত্যাহ্বান জনাই এই শিল্প জীয়াই ৰাখিছে আমগুৰিৰ একাংশ পৰিয়ালে ৷ পুৰণিকলীয়া এই ক্ষুদ্ৰ উদ্যোগটো জীয়াই ৰাখিবলৈ বিশেষ ব্যৱস্থা গ্ৰহণৰ বাবে সম্প্ৰতি শিল্পীসকলে চৰকাৰক কৰযোৰে আহ্বান জনাইছে ।

কুটীৰ শিল্পীৰ দুৰৱস্থা

লগতে চাওকঃ আইতাৰ মুখত বিৰিঙিল প্ৰাপ্তিৰ হাঁহি !

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.