ETV Bharat / state

অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 27, 2020, 6:37 PM IST

শিৱসাগৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত সোমবাৰে এক প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ঐতিহাসিক ৰংঘৰৰ সন্মুখত কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে এক মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

kmss protest at sivsagar
অখিল গগৈৰ মুক্তিৰ দাবীত ৰংঘৰৰ বাকৰিত কৃষক মুক্তিৰ প্ৰতিবাদ

শিৱসাগৰ,২৭ জুলাই: নাগৰিকত্ব সংশোধনী আইন বাতিলকে ধৰি কা' বিৰোধী আন্দোলনৰ বাবে চৰকাৰৰ ৰোষত পৰি গ্ৰেপ্তাৰ বৰণ কৰা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ আৰু আন কেইগৰাকী কাৰাবন্দীৰ মুক্তিৰ দাবী জনাই এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ।

প্ৰতিবাদী সকলে বিজেপি নেতৃত্বাধীন চৰকাৰ খনক তীব্ৰ সমালোচনা কৰি স্বৈৰাচাৰী শাসনৰ জড়িয়তে ৰাইজৰ কণ্ঠ ৰুদ্ধ কৰাৰ প্ৰয়াস কৰা বুলি অভিযোগ আনি কা আন্দোলনৰ সৈতে জড়িত সকলক চৰকাৰে দমনমূলক নীতিৰে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি উষ্মা প্ৰকাশ কৰে ।

আনহাতে অখিল গগৈৰ শুনানীৰ বাবে দিল্লী-বাংগালুৰুৰ পৰা অধিবক্তা আমদানি কৰা চৰকাৰখনে কভিড-১৯ ৰ ভয়াৱহতাৰ বাবে দিয়া নিৰ্দেশনা তথা সকলো সতৰ্কতামূলক ব্যৱস্থাক ভৰিৰে মোহাৰি আদালতত ক'ৰণা ৰোগৰ সংক্ৰমণহে ঘটাব বুলি কলে প্ৰতিবাদকাৰী সকলে ।

প্ৰতিবাদস্থলীৰ পৰা সকলোকে জোৰ জুলুমকৈ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি শিৱসাগৰ সদৰ থানালৈ নিয়া কাৰ্যকো দমনমূলক নীতিৰে এক অংশ বুলি অভিহিত কৰিলে প্ৰতিবাদকাৰী সকলে ।

লগতে চাওকঃ
কোভিড-19 পৰীক্ষণ : ভাৰতত উপস্থিত ইজৰাইলৰ স্বাস্থ্যকৰ্মীৰ দল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.