ETV Bharat / state

আমগুৰিত জাঁজী নদীৰ মথাউৰি নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ - বোকামাটিৰে নিৰ্মাণ কৰা হৈছে মথাউৰি

শিৱসাগৰৰ আমগুৰিত জাঁজী নদীৰ মথাউৰি নিৰ্মাণৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । বোকা মাটিৰে নিৰ্মাণ কৰা হৈছে মথাউৰিৰ প্ৰায় 100 মিটাৰ অংশ । পুনৰ উক্ত অংশটো সঠিকভাৱে নিৰ্মাণ কৰাৰ দাবীত জনাইছে স্থানীয় ৰাইজে ।

জাঁজী নদীৰ মথাউৰি নিৰ্মাণৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

author img

By

Published : Feb 1, 2021, 6:39 PM IST

আমগুৰি, ১ ফেব্ৰুৱাৰী: সঠিকভাৱে জাঁজী নদীৰ মথাউৰি নিৰ্মাণ নকৰাক লৈ ক্ষুদ্ধ হৈ পৰিছে শিৱসাগৰৰ আমগুৰিৰ ৰাইজ । শিৱসাগৰ জিলাৰ জাঁজী জামুগুৰিৰ ব্ৰাহ্মণ গাঁৱৰ সমীপত ভগ্ন মথাউৰিৰ প্ৰায় 200 মিটাৰ অংশ মেৰামতিৰ বাবে জলসম্পদ বিভাগে ঠিকাদাৰক দায়িত্ব অৰ্পণ কৰিছিল । কিন্তু সংশ্লিষ্ট ঠিকাদাৰে মথাউৰিটোৰ প্ৰায় 100 মিটাৰ অংশ বোকা মাটিৰে নিৰ্মাণ কৰিছে । ফলত মথাউৰিটোৰ ওপৰৰ অংশ কোমল হৈ থকাৰ লগতে যাতায়াতৰ অনুপযোগী হৈ পৰিছে ।

জাঁজী নদীৰ মথাউৰি নিৰ্মাণৰ নামত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ

সেয়ে, মথাউৰিৰ নিৰ্মাণকাৰ্যত অনিয়ম সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে । সোমবাৰে ৰাইজে মথাউৰিৰ উক্ত অংশটো খান্দি ঠিকাদাৰৰ কামৰ নমুনা সাংবাদিকৰ কেমেৰাৰ সন্মুখত দাঙি ধৰে । লগতে সেই অংশটো সঠিকভাৱে নিৰ্মাণ কৰাৰ দাবী জনায় । মথাউৰিটো নিৰ্মাণৰ দায়িত্বত থকা ঠিকাদাৰে অনিয়ম সংঘটিত হোৱাৰ কথাতো অস্বীকাৰ কৰিলেও ৰাইজ তেওঁলোকৰ কামত মুঠেও সন্তুষ্ট নহয় । সোমবাৰে নিৰ্মাণস্থলীত উপস্থিত থকা বিভাগীয় বিষয়াই মথাউৰিটোৰ 100 মিটাৰ মান অংশত বোকা মাটি দিয়াৰ বাবে কোমল হৈ পৰিছে বুলি নিশ্চিত কৰে আৰু শীঘ্ৰে এই অংশ খান্দি পুনৰ সঠিকভাৱে নিৰ্মাণ কৰা হ'ব বুলিও ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।

লগতে পঢ়ক:গোলাঘাটত মুখ্যমন্ত্ৰী সোণোৱালৰ প্ৰতিকৃতি দাহ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.