ETV Bharat / state

চৰকাৰী ধানৰ বীজ ৰোপন কৰি বিপাঙত আমগুৰিৰ কৃষক

author img

By

Published : Dec 2, 2020, 11:58 AM IST

জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভিত আমগুৰিৰ কৃষকসকল ৷ কৃষি বিজ্ঞান কেন্দ্ৰই ৰঞ্জিত চাব ওৱান ধানৰ বীজ কৃষকসকলক প্ৰদান কৰাৰ পাচত সেই বীজ ৰোপন কৰি সমস্যাত ভুগিছে কৃষকসকল ৷ ধানৰ ঠোকবোৰ ওখ-চাপৰ হোৱাত ধান কটাত সমস্যা হৈছে দাৱনীসকলৰ ৷

amguri farmers poor condition
বিপাঙত আমগুৰিৰ কৃষক

আমগুৰি,2 ডিচেম্বৰ : শিৱসাগৰৰ আমগুৰিত বুধবাৰে জিলা কৃষি বিজ্ঞান কেন্দ্ৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে কৃষকসকলে ৷ অভিযোগ অনুসৰি, আমগুৰি লালিম ছিগাত শিৱসাগৰৰ কৃষি বিজ্ঞান কেন্দ্ৰই প্ৰদান কৰিছিল ৰঞ্জিত চাব ওৱান ধানৰ বীজ ৷ কিন্তু এই বীজৰ খেতি কৰি কৃষকে সম্প্ৰতি মূৰে-কঁপালে হাত দিবলগীয়া অৱস্থা হৈছে ।

বিপাঙত আমগুৰিৰ কৃষক

ৰঞ্জিত চাব ওৱান ধানৰ বীজৰ খেতি কৰি কৃষকে চপাবলগীয়া হৈছে বাৰ্চ, চৈমাৰী ধান । ধানৰ ঠোকবোৰ ওখ-চাপৰ হোৱাত দাৱনীৰ সমস্যা হোৱাৰ লগতে তেওঁলোক অধিক কষ্টৰ সন্মুখীন হৈছে । যাৰ ফলস্বৰূপে লোকচানৰ সন্মুখীন হৈছে কৃষকসকল ।

ধানৰ বীজ প্ৰদান কৰিয়েই দায়িত্ব সামৰা কৃষি বিজ্ঞান কেন্দ্ৰৰ এজনো বিষয়া কৰ্মচাৰী কৃষিভূমিত উপস্থিত নোহোৱাত মূৰে-কঁপালে হাত দিছে কৃষকসকলে । সেয়েহে কৃষি বিজ্ঞান কেন্দ্ৰৰ এনে অমনোযোগিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভুক্তভোগী কৃষকসকলে । শীঘ্ৰেই সংশ্লিষ্ট বিভাগক কৃষিভূমি পৰিদৰ্শন কৰিবলৈ আহ্বান জনাইছে ভুক্তভোগী কৃষকসকলে ৷

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মা ব্যক্তিগত ইস্তাহাৰ : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.