ETV Bharat / state

শিৱসাগৰত চুৰিকাঘাতত নিহত এজন

শিৱসাগৰত দিগন্ত গগৈ নামৰ এজন ব্যক্তিক চুৰীৰে আঘাত কৰি হত্যা কৰিলে একে পৰিয়ালৰে মন্দিপ চাংমাই নামৰ এজন ব্যক্তিয়ে ৷ ইতিমধ্যে শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে হত্যাকাৰীসহ 7 জন অভিযুক্তক ৷

author img

By

Published : Aug 13, 2020, 9:54 AM IST

Family conflict in Sivasagar : one died
Family conflict in Sivasagar : one died

শিৱসাগৰ, 13 আগষ্টঃ শিৱসাগৰৰ দৰিকা দলঙৰ সমীপৰ নাওজান গাঁৱত বুধবাৰে নিশা সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ ৷ পাৰিবাৰিক বিবাদৰ সূত্ৰপাত হৈ সৃষ্টি হোৱা সংঘৰ্ষত প্ৰাণ গ’ল এজন ব্যক্তিৰ ৷ প্ৰাপ্ত তথ্য মতে, পাৰিবাৰিক কন্দলৰ বাবে অঞ্চলটোৰ দিগন্ত গগৈ নামৰ ব্যক্তিজনক চুৰিৰে আঘাত কৰি হত্যা কৰিলে মন্দিপ চাংমাই নামৰ একেখন গাঁৱৰে আন এজন ব্যক্তিয়ে ৷

ইতিমধ্যে শিৱসাগৰ আৰক্ষী চকীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী মন্দিপ চাংমাইৰ লগতে বুলন চাংমাই, যমুনা চাংমাই, থানু চাংমাই, তুতু চাংমাই, পৰী চাংমাই আৰু সত্য শইকীয়াক গ্ৰেপ্তাৰ কৰে ৷

লগতে পঢ়কঃ ২ অক্টোবৰৰ পৰা ৰাজ্যৰ ১৭ লাখ পৰিয়ালে প্ৰতিমাহে লাভ কৰিব ৮৩০ টকাকৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.