ETV Bharat / state

আগতে JJM মানে আছিল জল জীৱন মিছন, এতিয়া JJM মানে হৈছে জয়ন্তৰ জেপত মানি: ভূপেন বৰা - Jal Jeevan Mission Assam

বন্ধ হ'ল জল জীৱন মিছনৰ কাম-কাজ । জল জীৱন মিছনৰ কাম-কাজ বন্ধ হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

APCC President Bhupen Bora reacted to the closure of the Jal Jeevan Mission
জয়ন্ত মল্লবৰুৱাক সমালোচনা ভূপেন বৰাৰ (ETV Bharat Assam)

গুৱাহাটী,৬ অক্টোবৰ: ৫ অক্টোবৰৰ পৰা ৰাজ্যত হঠাতে বন্ধ পৰিল জল জীৱন আঁচনিৰ কাম-কাজ । অসমৰ জল জীৱন আঁচনিৰ সঞ্চালকে জাৰি কৰা এক নিৰ্দেশত অনুসৰি যোৱা শনিবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ এই অভিলাষী আঁচনিখন বন্ধ কৰা হৈছে । জল জীৱন মিছন আঁচনিৰ সঞ্চালক কৈলাশ কাৰ্তিকে জাৰি কৰা জাননীখনত উল্লেখ কৰা মতে নিৰ্ধাৰিত সময়ৰ ভিতৰত কাম সম্পূৰ্ণ নোহোৱা আৰু ঠিকাদাৰে নিৰ্মাণ কৰা সকলো পানী যোগান আঁচনিৰ কামৰ গুণগত মান তৃতীয় পক্ষৰ দ্বাৰা পৰীক্ষণৰ গাফিলতিৰ বাবেই এই কাম বন্ধৰ সিদ্ধান্ত লোৱা হৈছে ।

এই জাননীৰ পিচতে ৰাজ্যত প্ৰতিটো পৰিয়ালত নল সংযোগ নৌহওঁতে সম্পূৰ্ণৰূপে জল জীৱন মিছনৰ কাম কাজ বন্ধ হৈ পৰিল । যাৰ ফলত এতিয়া বিৰোধীৰ চোকা সমালোচনাৰ সন্মুখীন হৈছে শাসকীয় বিজেপি চৰকাৰ । আজি এই সম্পৰ্কত কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ভূপেন বৰাই ঘোঁৰামাৰাস্থিত নিজ বাসগৃহত এক সংবাদমেল সম্বোধন কৰি জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক কঠোৰ সমালোচনা কৰে ।

সভাপতি বৰাই কয়,"কেন্দ্ৰীয় চৰকাৰৰ JJM মানে জল জীৱন মিছন, অসমত জয়ন্তৰ জেপত মানিহে হৈছে । অসমত ২১ চনৰ পৰা জল জীৱন মিছনৰ কাম চলি আছিল । যোৱা ৩ অক্টোবৰ তাৰিখে অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সচিবে মুখ্য অভিযন্তালৈ পত্ৰ লিখিছে । য’ত লিখিছে জল জীৱন মিছনৰ অধীনত হোৱা কামবোৰ অতি নিম্নমানৰ হৈছে । সেয়েহে বন্ধ কৰিব লাগে । যাৰ ফলত অসমৰ ঘৰ ঘৰ নল হ'ল, কিন্তু জল নহ'ল । ৬৪ লাখ ৩৫ হাজাৰ পৰিয়ালক জল জীৱন মিছনৰ জৰিয়তে বিশুদ্ধ খোৱা পানী দিয়াৰ কথা আছিল । কিন্তু এইয়া নহ'ল ।"

লগতে বৰাই কয়,"JJM ত বৃহৎ কেলেংকাৰী হৈছে । জল জীৱন মিছনৰ কামবোৰ ৮ পৰা ১৫ লৈ কমিচন দিব লগা হৈছে । এই সমগ্ৰ ঘটনা আমি CBI ৰ তদন্তৰ দাবী কৰিছোঁ । এতিয়ালৈ ৪০ শতাংশ পুঁজি মুকলি হ'ল JJMৰ । সকলোৱে মিলিজুলি কমিচন ভগাই ল’লে । আৰু ৬০ শতাংশ পুঁজি পাবলৈ বাকী আছিল । কিন্তু সেই পুঁজি কেন্দ্ৰীয় চৰকাৰে আৰু মুকলি কৰি নিদিয়ে । যাৰ কাৰণে কাম বন্ধ কৰিবলগীয়া হ'ল ।"

লগতে পঢ়ক: হঠাৎ স্তব্ধ জল জীৱন মিছন, আধাতে বন্ধ পানী যোগান - Jal Jeevan Mission Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.