ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

author img

By

Published : Nov 20, 2020, 4:29 PM IST

শিৱসাগৰৰ ঐতিহাসিক জলাশয় যমুনালৈ ভাবুকি ৷ বেদখলকাৰীয়ে শিৱসাগৰৰ ঐতিহ্যলৈ কঢ়িয়াইছে আনিছে ভাবুকি ৷ প্ৰশাসনৰ চকুৰ সন্মুখতেই বেদখলকাৰীয়ে এফালৰ পৰা পুতি পেলাইছে যমুনা জলাশয় ৷ সকলো দেখিও নেদেখাৰ ভাও ধৰি আছে জিলা পুৰাতত্ব বিভাগে ৷

AS_SVR_01_encroachment_in_the_historic_place_vis_7203499
শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

শিৱসাগৰ,20 নৱেম্বৰ: শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়লৈ ভাবুকি ৷ বেদখলকাৰীয়ে ভাবুকি কঢ়িয়াই আনিছে যমুনা জলাশয়ৰ লগতে শিৱসাগৰ পুখুৰী আৰু ঐতিহাসিক দ'ল তিনিটালৈ ৷ প্ৰশাসনৰ চকুৰ সন্মুখতেই বেদখলকাৰীয়ে এফালৰ পৰা পুতি পেলাইছে যমুনা জলাশয়,নিদ্ৰাত মগন জিলা পুৰাতত্ব বিভাগ ৷ শিৱসাগৰ জিলা প্ৰশাসনে নীতি বহিৰ্ভূত ভাৱে ভূমি পট্টা প্ৰদান কৰাৰ পাছৰে পৰা যমুনাৰ ওপৰত বেদখলকাৰীয়ে সাজিছে বৃহৎ বৃহৎ পকীঘৰ ৷ অকল এয়াই নহয় একাংশই আকৌ ঘৰৰ আৱৰ্জনা আৰু মলমূত্ৰৰ ডাষ্টবিনত পৰিণত কৰিছে অসমীয়া জাতিৰ শৌৰ্য বীৰ্যৰ প্ৰতীক যমুনা জলাশয়ক ৷

শিৱসাগৰৰ ঐতিহাসিক যমুনা জলাশয়ত বেদখল

উল্লেখ্য যে স্বৰ্গদেউ শিৱ সিংহৰ পত্নী দৌপদীয়ে শিৱ দ'ল,দেৱী দ'ল,বিষ্ণু দ'ল নিৰ্মাণ কৰিছিল ৷ দ'ল কেইটাৰ কাষতে থকা ঐতিহাসিক বৰপুখুৰী খন্দোৱাৰ সময়তেই সৃষ্টি কৰা হৈছিল যমুনাৰ ৷ যমুনাৰ সৈতে শিৱদ'ল,দেৱী দ'ল আৰু বিষ্ণু দ'লৰ এৰাব নোৱাৰা আত্মিক সমন্ধ আছে ৷ যমুনা জলাশয়ৰ নি:শেষ মানে শিৱদ'ল,দেৱী দ'ল,বিষ্ণু দ'লৰ লগতে শিৱসাগৰৰ বৰপুখুৰীৰ অস্তিত্বও নি:শেষ ৷

লগতে পঢ়ক: ব্ৰহ্মপুত্ৰৰ ভয়াৱহ গৰাখহনীয়াৰ কৱলত নাৰায়ণপুৰৰ এটা বৃহৎ অঞ্চল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.