ETV Bharat / state

আজি ঈদ-উল-ফিতৰঃ ইবাদতখানাত বিশ্ব মংগলৰ দোৱা

শিৱসাগৰ জিলাৰ বিভিন্ন ঈদগাহত ইছলামধৰ্মী লোকসকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা প্ৰদান কৰে ৷

ইবাদতখানাত বিশ্ব মংগলৰ দোৱা
author img

By

Published : Jun 5, 2019, 1:12 PM IST

শিৱসাগৰ, 05 জুন: পৱিত্ৰ ৰমজান মাহৰ উপবাসৰ অন্তত আজি চাৱল মাহৰ প্ৰথম তাৰিখত সমগ্ৰ বিশ্ববাসীৰ লগতে শিৱসাগৰতো পালন কৰা হৈছে ঈদ-উল-ফিতৰ ৷ আজি শিৱসাগৰ জিলাৰ বিভিন্ন ঈদগাহত ইছলাম ধৰ্মী লোকসকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা প্ৰদান কৰে ৷

ইবাদতখানাত বিশ্ব মংগলৰ দোৱা

আজিৰে পৰা অন্ত পৰিল ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপবাস ৷ আকাশত চন্দ্ৰ মাহৰ জোন দেখাৰ লগে লগে শেষ হ'ল ৰমজান মাহ ৷ আৰম্ভ হ'ল চাৱল মাহৰ ৷ চাৱলৰ পহিলা দিনটোতে ইছলামধৰ্মী লোসকলে তেওঁলোকৰ ইবাদত গৃহত সমূহীয়া নামাজ পঢ়ি সকলোৰে কুশল কামনা কৰে ৷ ৰমজান মাহৰ ধৈৰ্য আৰু সংযমৰ ফল সহনশীলতাক সম্পদ কৰি লৈ বিশ্বপ্ৰেম আৰু ঐক্যৰ বাণী কঢ়িয়াই ঈদ-উল-ফিতৰে ৷ ঈদ-উল-ফিতৰ উপলক্ষে আজি ৰংঘৰ চাৰিআলী,দৰবাৰ খেলপথাৰ,জেঙনিকটীয়া,ষ্টেচন চাৰিআলি আদি বিভিন্ন স্থানত ঈদৰ নামাজ সম্পন্ন কৰা হয় ৷ সকলোৱে একত্ৰিত হৈ আল্লাহ ৰছুলৰ ইবাদত কৰি বিশ্ব শান্তিৰ দোৱা কৰে ৷

*আজি ঈদ-উল-ফিটৰ-ইবাদতখানাত বিশ্ব মংগলৰ দোৱা*
Story-EID_NAMAZ
Ananta Smith
Sivasagar
05th May

A_SVR_05TH_MAY_801-803_EID_NAMAZ_7203499

পৱিত্ৰ ৰমজান মাহৰ উপবাসৰ অন্তত আজি চাৱাল মাহৰ প্ৰথম তাৰিখত সমগ্ৰ বিশ্ববাসীয়ে পালন কৰিছে ঈদ-উল-ফিটৰ।ত্যাগ আৰু সংযমৰ প্ৰতীক ৰমজানৰ উপবাস আজিৰ পৰা অন্ত পৰিল।আকাশত চন্দ্ৰ মাহৰ জোন দেখাৰ লগে লগে ৰমজান মাহ শেষ হল।আৰম্ভ হ'ল চাৱল মাহৰ।চাৱলৰ পহিলা দিনত ইছলাম ধৰ্মী সকলে তেওঁলোকৰ ইবাদত গৃহত সমূহীয়া নামাজ পঢ়ি সকলোৰে কুশল কামনা কৰে।ৰমজান মাহৰ ধৈৰ্য আৰু সংযমৰ ফল সহনশীলতাক সম্পদ কৰি লৈ বিশ্বপ্ৰেম আৰু ঐক্যতিৰ বাণী কঢ়িয়াই ঈদ-উল-ফিটৰে।আজি শিৱসাগৰৰ বিভিন্ন ঈদগাহত ইছলাম ধৰ্মী সকলে সমূহীয়া নামাজ পঢ়ি ইজনে সিজনক ঈদৰ শুভেচ্ছা প্ৰদান কৰে।ৰংঘৰ চাৰিআলী,দৰবাৰ খেলপথাৰ,জেঙনিকটীয়া,ষ্টেচন চাৰিআলি আদি বিভিন্ন স্থানত ঈদৰ নামাজ সম্পন্ন কৰা হয়।সকলোৱে এক হৈ আল্লাহ ৰছুলৰ ইবাদত কৰি বিশ্ব শান্তিৰ দোৱা কৰে।

Bite-কাজি,জেঙনিকটীয়া ইছলাম জামাত।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.