ETV Bharat / state

Gaurisagar pond:ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ খহি বাগৰিছে পানী - ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ খহি বাগৰিছে পানী

ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পাৰ খহি বাগৰিছে পানী । উপস্থিত হোৱা নাই পুৰাতত্ত্ব বিভাগৰ লোক । তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী স্থানীয় ৰাইজৰ লগতে দল-সংগঠনৰ ।

Public demand for construction of Gaurisagar pond
ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী
author img

By

Published : Jun 13, 2023, 6:31 PM IST

Updated : Jun 13, 2023, 6:47 PM IST

ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰী

আমগুৰি, ১৩ জুন:বিপৰ্যয় নামিছে ঐতিহাসিক গৌৰীসাগৰ পুখুৰীলৈ । যোৱা দুদিন ধৰি ক্ৰমাগত বৃষ্টিপাতে গৌৰৱময় আহোম ৰাজত্বকালৰ চানেকি ঐতিহাসিক গৌৰীসাগৰ বৰপুখুৰীৰ পশ্চিম প্ৰান্তৰ এটা পাৰ খহাই নিয়াৰ ফলত পুখুৰীটোৰ পৰা হোৰাহোৰে পানী বাগৰিছে । ফলত পুখুৰীটো অস্বাভাৱিকভাৱে শুকাই যোৱা পৰিলক্ষিত হৈছে । সোমবাৰে নিশাৰ বৰষুণত খহি যোৱা পাৰটো পূৰ্বতেও এটা অংশ কেইবাবাৰো খহি পুখুৰীটোৰ সত্তৰ শতাংশ পানী ওলাই একপ্ৰকাৰ নিঃশেষ হোৱাৰ উপক্ৰম ঘটিছিল ।

পাছত পুৰাতত্ব বিভাগে খহি যোৱা অংশটোত কালভাৰ্ট আৰু পুল নিৰ্মাণ কৰি বাৰিষা পুখুৰীটোত জমা হোৱা অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা কৰিছিল । চতুৰ্থবাৰৰ বাবে একে অংশই খহি যোৱাৰ ফলত পুখুৰীটোৰ অস্তিত্বৰ প্ৰতি ভাবুকি আহি পৰিছে । মাত্ৰ কেইটামান মাহ পূৰ্বে গৌৰীসাগৰ বৰপুখুৰীৰ চাৰিওটা পাৰ সংলগ্ন কৰি পৰ্যটকৰ সুবিধাৰ বাবে পকী পথ নিৰ্মাণ কৰা হৈছিল যদিও অহৰহ বৃষ্টিপাতৰ ফলত পশ্চিম প্ৰান্তৰ পাৰটোৰ পূৰ্বতে ছিঙি যোৱা অংশটোত নিৰ্মাণ কৰা কালভাৰ্ট ভাঙি সুৰংগৰ সৃষ্টি হৈ পুখুৰীটোৰ পানী অহৰহ বাগৰি আছে ।

পথৰ মাত্ৰ ওপৰৰ অংশটো ৰৈ যোৱাৰ ফলত যিকোনো মুহূৰ্ততে পথটো বহি ভয়ানক দুৰ্ঘটনাৰ আশংকা প্ৰকট হৈ পৰিছে । শিৱসাগৰ জিলাৰ বিভিন্ন স্থানত সিঁচৰিত হৈ থকা ঐতিহাসিক সম্পদসমূহক লৈ ল'ৰা ধেমালি কৰি অহা পুৰাতত্ব বিভাগে তৎকালীনভাৱে ছিঙি যোৱা অংশটো মেৰামতিৰ ব্যৱস্থা কৰাৰ পৰিৱৰ্তে বর্তমানলৈকে ঘটনাস্থলীত সংশ্লিষ্ট বিভাগৰ এজনো কৰ্মচাৰী উপস্থিত হোৱা নাই । যোৱা নিশাই ছিঙি যোৱা অংশটো তৎকালীন মেৰামতিৰ বাবে আজিৰ দিনটোত এজনো বিষয়া কৰ্মচাৰী উপস্থিত নহ'ল ।

আনহাতে, জিলা প্ৰশাসনৰ মুৰব্বীগৰাকীও এই ক্ষেত্ৰত বর্তমানলৈকে অৱগত নহয় । ইয়াৰ পৰিৱৰ্তে স্থানীয় লোকে পথটোৰ দুয়োটা দিশত বাঁহৰ বেৰিকেডেৰে নিজেই বিপদ সংকেত আঁৰিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । পূৰ্বতে তিনিবাৰকৈ ছিঙি যোৱা অংশটোত কালভাৰ্ট নিৰ্মাণ কৰা হৈছিল যদিও ঠিকাদাৰৰ নিম্ন মানৰ কামৰ বাবেই কালভাৰ্ট ভাঙি পাৰটো ছিঙি যোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । বৰৰজা ফুলেশ্বৰী কুঁৱৰীৰ দিনত ১৭২৩ খ্ৰীষ্টাব্দত নিৰ্মিত গৌৰীসাগৰ বৰপুখুৰীৰ পানী শুকাই গ'লে কাষতে থকা তিনিটাকৈ দ'লৰ অস্তিত্বৰ প্ৰতিও ভাবুকি আহি পৰিব ।

শীতকালত বিদেশী পক্ষীয়ে আশ্ৰয় গ্ৰহণ কৰি দৃষ্টিনন্দন পৰিবেশে পৰ্যটকসকলক আকৰ্ষিত কৰি অহা গৌৰীসাগৰ বৰপুখুৰীৰ এনে দুৰ্যোগৰ পাছতো পুৰাতত্ব বিভাগ নাইবা জিলা প্ৰশাসনে তৎকালীন ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈছে । শীঘ্ৰেই ছিঙি যোৱা অংশ মেৰামতি কৰিবলৈ দল-সংগঠনে দাবী উত্থাপন কৰিছে। স্মতব্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুৰাতত্ব বিভাগৰ চূড়ান্ত হেমাহিৰ বাবে শিৱসাগৰ জিলাৰ বহু ঐতিহাসিক সম্পদ জহি-খহি যাবলৈ ধৰিছে । বিভাগটোৰ কৰ্মৰত একাংশ বিষয়া-কৰ্মচাৰীৰ ঐতিহাসিক সম্পদৰ প্ৰতি দায়িত্বহীনতাৰ বাবে বহু সম্পদ ধ্বংসৰ দিশলৈ গতি কৰিলে । গৌৰীসাগৰ পুখুৰীৰ অতিৰিক্ত পানী ওলাই যোৱাৰ ব্যৱস্থা বিজ্ঞানসন্মত প্ৰণালী ব্যৱহাৰ কৰিবলৈ দাবী জনাইছে সচেতন ৰাইজে ।

লগতে পঢ়ক:Electricity tariff hike: বিদ্যুৎ মাচুলৰ প্ৰসংগত এ পি ডি ছি এলৰ সৈতে তৰ্কযুদ্ধ গৰিমা শইকীয়া গাৰ্গৰ

Last Updated : Jun 13, 2023, 6:47 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.