ETV Bharat / state

লণ্ডন ব্ৰীজৰ আৰ্হিত নিৰ্মিত অসমৰ এখন দলং, আয়ুস টুটিছে কাৰ ভুলত ?

author img

By ETV Bharat Assamese Team

Published : Nov 29, 2023, 8:12 PM IST

বিশ্ববিখ্যাত টেমছ নদীৰ ওপৰত থকা দলংখন দেখিছে নহয়? সেই যে বিশাল জাহাজ পাৰ হোৱাৰ সময়ত দাঙি দিব পৰা দলংখন ! আচৰিত নহ’ব ! তেনে এখন দলং অসমতো আছিল ৷ সৌ তাহানিতে বগা চাহাবে নিৰ্মাণ কৰি থৈ গৈছিল দলংখন ৷

Dikhow Bridge sivasagar
লণ্ডনৰ দৰেই অসমত নিৰ্মীত দিখৌ দলং
লণ্ডনৰ দৰেই অসমত নিৰ্মীত দিখৌ দলং

শিৱসাগৰ, 29 নৱেম্বৰ : লণ্ডনৰ টেমছ নদীৰ ওপৰত থকা টাৱাৰ ব্ৰীজখনৰ দৰেই এখন দলং ৷ তলেৰে জাহাজ পাৰ হৈ গ’লে দাঙি দিব পাৰি দলংখনৰ মাজঅংশ ৷ কপিকলযুক্ত তেনে এখন দলং অসম মুলুকতো নিৰ্মাণ কৰিছিল বগা চাহাবে ৷ দলংখন আছে শিৱসাগৰত ৷ কপিকলযুক্ত উক্ত দলংখন হ’ল পুৰণি দিখৌ দলং ৷ 1935 চনতেই বৃটিছ কোম্পানী ব্ৰেইখ ৱেইটে নিৰ্মাণ কৰা দিখৌ দলংখনে এতিয়া নিঃশেষ হোৱাৰ ক্ষণ গণি আছে ৷ যিখন দলঙক ক’ব পাৰি এচিয়া মহাদেশৰ প্ৰথমখন কপিকলযুক্ত দলং ৷

তিনিটা অংশত সঁজা হৈছিল উক্ত দলংখন । দলংখনৰ মাজৰ অংশটো সজা হৈছিল প্ৰয়োজন সাপেক্ষে ওপৰলৈ উঠাব পৰাকৈ৷ নাজিৰাৰ অসম চাহ কোম্পানীলৈ সেই সময়ত চাহ নিবলৈ অহা বৃহৎ বৃহৎ জাহাজসমূহ দলঙৰ তলেদি অহা-যোৱা কৰাৰ সুবিধাৰ্থে মাজৰ অংশটো ওপৰলৈ উঠাব পৰাকৈ নিৰ্মাণ কৰা হৈছিল । উক্ত দলংখন নিৰ্মাণৰ বাবে লোহা অনা হৈছিল ইংলেণ্ডৰ বৃটিছ ষ্টীল কোম্পানী আৰু ভাৰতৰ টাটা আইৰণ এণ্ড ষ্টীল কোম্পানীৰ পৰা ।

কিন্তু চূড়ান্ত পৰ্যায়ৰ অৱহেলা আৰু উপেক্ষাৰ বাবেই ক্ৰমশঃ ধ্বংসৰ দিশে আগবাঢ়িছে দলংখন । এইবেলিৰ বাৰিষাত দলংখনৰ তলৰ খুঁটা ভাগি যোৱাত ঐতিহাসিক শিৱসাগৰৰ পুৰণি দিখৌ দলংখনে যুঁজিছে অস্তিত্বৰ সৈতে ৷ দলংখনৰ চাৰিটা খুঁটাৰ প্ৰায় ৯০ শতাংশই জহি-খহি গৈছে । সেয়েহে দলংখন প্ৰণালীবদ্ধভাবে সংৰক্ষণ কৰাৰ পোষকতা কৰি আহিছে শিৱসাগৰৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে । যাতায়তৰ বাবে নহ’লেও পৰ্যটকক আকৰ্ষণ কৰিব পৰাকৈ দলংখন সংৰক্ষণৰ দাবী উঠিছে ৷

কেবাটাও প্ৰজন্মৰ স্বাক্ষৰ বহনকাৰী ঐতিহাসিক এই দলংখন স্বাভাৱিকতেই শিৱসাগৰৰ অন্যতম মুকুতাস্বৰূপ৷ নালাগে প্ৰায় 100 বছৰীয়া দলংখন আগৰ দৰে কাৰ্যক্ষম হ’ব, অন্ততঃ স্মৃতি হিচাবে হ’লেও সংৰক্ষণ কৰক৷ জহি-খহি যাবলৈ নিদিব৷ এয়া ৰাইজৰ আশা, ৰাইজৰ দাবী ৷ থল আছে দলংখন আটকধুনীয়াকৈ সঁজাই তুলি অধিক পৰ্যটকক আকৰ্ষণ কৰাৰ৷ সেয়ে দল-সংগঠনৰ লগতে স্থানীয় ৰাইজেও দাবী উত্থাপন কৰি আহিছে দলংখনৰ প্ৰতি চৰকাৰে চকু দিয়ক৷ ৰাইজৰ দাবীৰ প্ৰতি চৰকাৰৰ দৃষ্টি হ’ব লক্ষ্যণীয় ৷

লগতে পঢ়ক : বৃটিছে স্থাপন কৰা অসমৰ প্ৰথমটো ষ্টেচনৰ বিষয়ে আপুনি জানেনে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.