ETV Bharat / state

আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি - খেতিয়ক

শিৱসাগৰৰ আমগুৰিত সেউজীয়া পথাৰ বিনষ্ট কৰিছে শুৰপোকে ৷ চিন্তিত হৈ পৰিছে কৃষক সমাজ ৷ এই সন্দৰ্ভত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ অতমন্যতাই ক্ষোভিত কৰি তুলিছে দুৰ্ভগীয়া কৃষকসকলক ৷

Cropland Damage at Amguri Sivasagar
আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি
author img

By

Published : Sep 14, 2020, 10:07 AM IST

আমগুৰি, 14 ছেপ্টেম্বৰ: শিৱসাগৰ জিলাৰ আমগুৰিত কৃষিভূমিত শুৰপোকৰ আক্ৰমণ । শ শ বিঘা কৃষিভূমি নষ্ট কৰিছে শুৰপোকে । চিন্তিত হৈ উঠিছে কৃষকসকল। বানৰ পাচত খেতিয়কৰ মাজলৈ অন্য এক বিপদ নামি অহাত শংকিত হৈ পৰিছে দুৰ্ভগীয়া কৃষক সমাজ ।

আমগুৰিৰ বেলিমুখীয়া চাংমাই পথাৰত খেতিয়কৰ মাজত হাহাকাৰ পৰিস্থিতি । জিলাখনৰ নামতি পথাৰ, মাহমৰা, মাউৎ পথাৰ, খেমদৈ পথাৰ, কমাৰ পথাৰ, বামুণবাৰী পথাৰকে ধৰি প্ৰতিখন পথাৰতে শুৰপোকে সেউজীয়া পথাৰ নষ্ট কৰি পেলাইছে । যাক লৈ খেতিয়কসকল এতিয়া বিমোৰত পৰিছে ।

আমগুৰিত শুৰপোকৰ আক্ৰমণত বিনষ্ট শ শ বিঘা কৃষিভূমি

ইফালে, আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ৰ গুৰুত্বহীনতাই ক্ষোভিত কৰি তুলিছে কৃষকসকলক । পোক বোৰক কীটনাশক দি ধ্বংস নকৰিলে খেতিয়কে এমুঠিও ধান নাপাব । এইক্ষেত্ৰত আমগুৰি মহকুমা কৃষি বিষয়া কাৰ্যালয়ে সঠিক ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ানক সমস্যাৰ সন্মুখীন হ’ব বুলি দুখ প্ৰকাশ কৰে কৃষকসকলে ।

লগতে পঢ়ক: বামপন্থী সকল বৌদ্ধিক সন্ত্ৰাসবাদীঃ সত্য ৰঞ্জন বৰা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.