নাজিৰা, 6 আগষ্ট : মঙলবাৰে ৰক্তদান অসম আৰু সতীৰ্থ ৰক্তদান নামৰ দুটা সংগঠনৰ সহযোগত শিৱসাগৰ জিলাৰ নামতি শ্বহীদ পিয়লি ফুকন মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে অনুষ্ঠিত কৰে ৰক্তদান আৰু সজাগতা শিবিৰ ৷ এই শিবিৰত মূল বক্তা হিচাপে উপস্থিত থাকে তাই আহোম ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত গগৈ ৷ নিজৰ ভাষণত তেওঁ যুৱ প্ৰজন্মক ৰক্ত দানৰ জৰিয়তে যুৱ প্ৰজন্মক মানৱ সেৱা প্ৰতি আগবাঢ়ি আহিবলৈ অনুৰোধ জনাই ৷ শিবিৰত মহাবিদ্যালয়খনৰ বহু ছাত্ৰ ছাত্ৰীকে ধৰি মুঠ 22 জন লোকে ৰক্তদান কৰে ৷
ৰক্তদাতা সকলক উৎসাহিত কৰিবলৈ লগতে পৰিৱেশ সংৰক্ষণৰ বাবে সজাগ কৰাৰ উদ্দেশ্যে ৰক্তদাতা সকলক একোটাকৈ গছ পুলি উপহাৰ দিয়ে উদ্যোক্তা সকলে ৷ ৰক্তদানক লৈ মানুহৰ মাজত ভ্ৰান্ত ধাৰণা বাঢ়ি অহাৰ সময়ত এইদৰে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰী সকল ৰক্তদানৰ প্ৰতি নিজে আগবাঢ়ি অহাতো নিশ্চিত ভাৱে এক ভাল লক্ষণ ৷