ETV Bharat / state

Establishment day of Raijor Dal: কাৰ্যসূচীত ভাগ লৈ অখিলে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা - BJP preparing ground for Hindu Rashtra

জাতীয়তাবাদৰ শ্ল’গান আগত লৈ এটা বছৰৰ আগতে আজিৰ দিনটোতে জন্ম লাভ কৰিছিল ৰাইজৰ দলে । এই ৰাইজৰ দলৰে প্ৰথম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ যুৱদলত পালন কৰা হৈছে (First establishment day of Raijor Dal) । এই প্ৰথম প্ৰতিষ্ঠা দিৱসত দলৰ সভাপতি অখিল গগৈয়ে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা ৷

raijor-dal-president-akhil-gogoi-bjps-hindu-rashtra-dream
ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত অখিলে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা
author img

By

Published : Jan 8, 2022, 5:03 PM IST

শিৱসাগৰ, 8 জানুৱাৰী : এটা বছৰৰ আগত জাতীয়তাবাদৰ শ্ল’গান আগত লৈ প্ৰতিষ্ঠা লাভ কৰা অখিল গগৈ নেতৃত্বাধীন 'ৰাইজৰ দল'ৰ আজি প্ৰথম বাৰ্ষিক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস । ২০২১ চনৰ জানুৱাৰী মাহত মৰাণত অনুষ্ঠিত ৰাজ্যিক অধিৱেশনত অসমৰ আঞ্চলিক স্বাৰ্থ আৰু জাতীয়তাবাদী ভাৱধাৰ জাগ্ৰত কৰিবৰ অৰ্থে জন্ম লাভ কৰিছিল ৰাইজৰ দলে । ৰাইজৰ দলৰ হৈ ১০৮ নং শিৱসাগৰ সমষ্টিৰ পৰা বিগত নিৰ্বাচনত জয়লাভ কৰা অখিল গগৈয়ে বৰ্তমান এক মুখ্য বিৰোধীৰ ভূমিকা পালন কৰি আহিছে ।

এই ৰাইজৰ দলৰে প্ৰথম প্ৰতিষ্ঠা দিৱস আজি দিনজোৰা কাৰ্যসূচীৰে শিৱসাগৰ নগৰৰ যুৱদলত পালন কৰা হৈছে (First establishment day of Raijor Dal)। পুৱা পতাকা উত্তোলন কৰে দলৰ সভাপতি অখিল গগৈয়ে । পৰৱৰ্তী সময়ত শ্বহীদ তৰ্পণ, স্মৃতি তৰ্পণ আদি কাৰ্যসূচী সম্পন্ন হোৱাৰ পাছত পুৱা ১০ বজাৰ পৰা অনুষ্ঠিত হয় মূল অনুষ্ঠানৰ মুকলি সভা । ৰাইজৰ দলৰ মহিলা বৃন্দই পৰিৱেশন কৰা এক সমৱেত সংগীতেৰে আৰম্ভ হোৱা মুকলি সভা উদ্বোধন কৰে ৰাইজৰ দলৰ কেন্দ্ৰীয় উপ-সভাপতি ৰঞ্জিত তামুলীয়ে ।

ৰাইজৰ দলৰ প্ৰথম প্ৰতিষ্ঠা দিৱসত অখিলে ক’লে বিজেপিৰ হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠাৰ সপোনৰ কথা

অনুপ বৰগোঁহাইয়ে সভাপতিত্ব কৰা উক্ত সভাত বিশিষ্ট অতিথি ৰূপে ভাস্কো ডি শইকীয়া, কবিন্দ্ৰ চেতিয়া ফুকন আৰু জিতুল ডেকা উপস্থিত থকাৰ বিপৰীতে আমন্ত্ৰিত অতিথিৰূপে ধৈৰ্য কোঁৱৰ, ৰাচেল হুছেইন, গিৰিশংকৰ গোস্বামী আদি উপস্থিত থাকে ।

আজিৰ মুকলি সভাত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে মুখ্য বক্তাৰূপে উপস্থিত থাকি জাতীয়তাবাদৰ আপোচবিহীন যুঁজখনত অখিল গগৈ জেলত থকা অৱস্থাত সমৰ্থকে ৰাইজৰ দলৰ সভাপতিৰ দায়িত্ব প্ৰদান আৰু শিৱসাগৰ সমষ্টিৰ ৰাইজে বিধায়কৰূপে নিৰ্বাচন কৰাক লৈ ধন্যবাদ জ্ঞাপন কৰে । তেওঁ কয় যে, কা' আন্দোলনৰ জটিল প্ৰেক্ষাপটত জন্ম হোৱা ৰাইজৰ দল অসমৰ সকলোতকৈ নতুন ৰাজনৈতিক শক্তি ।

আজি দলৰ প্ৰথম বৰ্ষপূৰ্তিত ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে নিজ বক্তব্যত বিজেপি দলৰ নীতিক সমালোচনা কৰে । তেওঁ কয় যে, বৰ্তমান সময়ত সকলো আঞ্চলিক ৰাজনৈতিক শক্তিৰ বাবে মূল প্ৰত্যাহ্বান এই দলটো । কিয়নো তেওঁলোকে সকলো সাংবিধানিক অধিকাৰ আৰু মূল্যবোধ নসাৎ কৰি এক স্বৈৰাচাৰী শাসন স্থাপন কৰিছে ( Akhil Gogoi blames BJP to run fascist government ) ।

তেওঁ পুনৰ কয় যদি ২০২৪ চনত বিজেপি দল পুনৰ শাসনলৈ আহে, তেন্তে ভাৰতক এখন হিন্দু ৰাষ্ট্ৰৰূপে প্ৰতিষ্ঠা কৰা হ'ব (Akhil Gogoi on BJPs Hindu Rashtra dream )। সাংবিধানিক অধিকাৰ খৰ্ব কৰাৰ লগতে বিজেপি দলে ৰাজ্যসমূহৰ অধিকাৰো কাঢ়ি লৈছে । যুক্তৰাষ্ট্ৰীয় শাসন ব্যৱস্থাৰ অৱসান কৰি একক ৰজাদিনীয়া শাসন স্থাপনৰ চেষ্টা কৰিছে বিজেপি দলে । সেয়েহে সময় থাকোতে সকলো আঞ্চলিক আৰু জাতীয়তাবাদী শক্তিক একত্ৰিত হ'বলৈ তেওঁ আহ্বান জনায় ।

লগতে পঢ়ক : Bulli Bai case : কিয় ব্যৱহাৰ কৰিছিল এই এপ, ক’লে নীৰজে...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.