ETV Bharat / state

FIR against Rana Goswami: মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী; ৰুজু হ’ল গোচৰ - Complaint against Rana Goswami

বিজেপিৰ মহিলা কৰ্মীৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি বিপদত কংগ্ৰেছ নেতা ৰাণা গোস্বামী ৷ বিজেপি দলৰ সভাপতি ভৱেশ কলিতাৰ কৰ্কথনা ৷ শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চাই দাখিল কৰিলে এজাহাৰ (Case against Rana Goswami) ৷

FIR against Rana Goswami
FIR against Rana Goswami
author img

By

Published : Apr 27, 2023, 6:55 AM IST

Updated : Apr 27, 2023, 7:03 AM IST

মহিলা বিজেপি কৰ্মীৰ বিৰুদ্ধে নিকৃষ্ট মন্তব্য কৰি বিপদত কংগ্ৰেছৰ ৰাণা গোস্বামী

শিৱসাগৰ, 27 এপ্ৰিল: অংকিতা দত্তৰ প্ৰসংগত মুখ্যমন্ত্ৰী হিমন্তৰ বিশ্ব শৰ্মাক উত্তৰ দিবলৈ গৈ বিপদত পৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী (Congress working president Rana Goswami) ৷ কংগ্ৰেছ দলত মহিলা সুৰক্ষিত নহ’লে মোক দোষ নিদিব বুলি মুখ্যমন্ত্ৰীয়ে অংকিতা প্ৰসংগত কৰা টিপ্পনিৰ উত্তৰ দিবলৈ গৈ দুদিন পূৰ্বে শিৱসাগৰত ৰাণা গোস্বামীয়ে বিজেপি দলৰ বিবাহিত মহিলা কৰ্মীয়ে পৰপুৰুষৰ লগত সম্পৰ্ক ৰখা বুলি অতি ভয়ংকৰ অভিযোগ উত্থাপন কৰিছিল (Rana Goswami derogatory Remark) ৷

এতিয়া ইয়াকে লৈ জাঙুৰ খাই উঠিছে বিজেপি দলৰ সভাপতিৰ লগতে দলৰ মহিলা মৰ্চা ৷ বুধবাৰে দলীয় সাংগঠনিক কামত শিৱসাগৰৰ বিজেপি কাৰ্যালয়ত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ৰাণা গোস্বামীৰ এনে মন্তব্য দুৰ্ভাগ্যজনক বুলি আখ্যা দিয়ে (Bhabesh Kalita slams Rana Goswami) ৷ লগতে ৰাণা গোস্বামীৰ মন্তব্য মহিলাৰ সন্মানৰ পৰিপন্থী বুলি উল্লেখ কৰি এজন ৰাজনৈতিক নেতাই ৰাজহুৱা স্থানত কথা কলে শব্দ আৰু বাক্যৰ উচিত প্ৰয়োগ কৰিব লাগে বুলি অসন্তুষ্টি প্ৰকাশ কৰে ৷

আনহাতে ৰাণা গোস্বামীয়ে বিজেপিৰ মহিলা কৰ্মীক উদ্দেশ্য কৰি কৰা এনে নিকৃষ্ট মন্তব্যক লৈ জাঙুৰ খাই উঠিছে শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চা ৷ বুধবাৰে শিৱসাগৰ জিলা বিজেপিৰ মহিলা মৰ্চাই কংগ্ৰেছৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰে (Complaint against Rana Goswami) ৷ এজাহাৰত মহিলা মৰ্চাৰ সভানেত্ৰী ববী কাকতিকে ধৰি 42 গৰাকী মহিলা কৰ্মকৰ্তাই স্বাক্ষৰ কৰি গোস্বামীৰ এই মন্তব্য মহিলাৰ বাবে লজ্জাজনক বুলি উল্লেখ কৰি এনে মন্তব্যই বিজেপি মহিলা কৰ্মীৰ লগতে সকলো নাৰীৰ বাবে এক অপমান বুলি উল্লেখ কৰে (Rana Goswami on women BJP Karyakartas) ৷

এনে মন্তব্যই মহিলাসকলৰ ঘৰত অনাস্থা আৰু অশান্তিৰ পৰিৱেশ সৃষ্টি কৰিব পাৰে বুলি উল্লেখ কৰি বিজেপি মহিলা কৰ্মীৰ সন্মান হানি হোৱা বুলি অভিযোগ আনে ৷ শিৱসাগৰ আৰক্ষীক গোস্বামীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ আহবান জনায় শিৱসাগৰ বিজেপিৰ মহিলা মৰ্চাই ৷ আনহাতে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই অংকিতাৰ প্ৰসংগত অজ্ঞতা প্ৰকাশ কৰি বিজেপিৰ সৈতে তেওঁ যোগাযোগ নাই কৰা বুলি সদৰী কৰে ৷

লগতে পঢ়ক: Karim Uddin Barbhuiya controversy: খাৰিজ হ'ব নেকি AIUDF ৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাৰ বিধায়ক পদ !

Last Updated : Apr 27, 2023, 7:03 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.