ETV Bharat / state

আমগুৰিত শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান - Amguri

জোন কোঁৱৰৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৯ মে'ত যোৰহাট মেডিকেল কলেজত পুৱা ১০ বজাত মৃত্যুক সাৱটি লৈছিল । পৰিয়ালৰ লোকে যোৰহাট মেডিকেলত ভৰ্ত্তি কৰিছিল যদিও চিকিৎসালয়তে শিল্পীগৰাকীয়ে মৃত্যুক আকোৱালি লৈছিল জোন কোঁৱৰে ।

শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান
author img

By

Published : May 24, 2019, 11:34 PM IST

শিৱসাগৰ, ২৪ মেঃ শিৱসাগৰৰ আমগুৰি নাট্যমণ্ডিৰত অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট তবলাবাদক, যুৱ প্ৰজন্মৰ অন্যতম শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান ।

আমগুৰি শিল্পী সমাজ আৰু আমগুৰিবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান অনুষ্ঠিত হয় । বাদ্যযন্ত্ৰী দিপাংকৰ শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰিৰ বিশিষ্ট কবি, প্ৰাক্তন অধ্যক্ষ যোগেশ কিশোৰ ফুকনে বন্তি প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে গৌতম বৰা আৰু ৰিমি কলিতাই গীত পৰিৱেশন কৰে । শিৱসাগৰ জিলাৰ কোঁৱৰ গাঁওৰ নিবাসী সৰুমইনা কোঁৱৰৰ কণিষ্ঠ সন্তান জোন কোঁৱৰৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৯ মেত যোৰহাট মেডিকেল কলেজত ৰাতিপুৱা ১০ বজাত মৃত্যুক সাৱটি লয় । এই শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰ, পূবেৰুণ শিল্পী সমাজ, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংস্থা, আমগুৰি লেখিকা সমাৰোহ সমিতি, আহোম জাতীয় গণমঞ্চৰ হৈ পুলকেশ গগৈকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে ।

শিল্পী জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান

লগতে আন এটি বাতৰি - লংকাত বাইক আৰু ট্ৰাকৰ মুখামুখি সংঘৰ্ষত আহত বাইকআৰোহী

Intro:Body:আমগুৰিৰ শিল্পীপ্ৰাণ বন্ধু জোন কোঁৱৰলৈ অশ্ৰুসিক্ত শ্ৰদ্ধাঞ্জলী
…………………………………………………………
আমগুৰি, ২৪মে:

অসমৰ সাংস্কৃতিক জগতৰ বিশিষ্ট তবলাবাদক, যুৱ প্ৰজন্মৰ অন্যতম শিল্পী জোন কোঁৱৰ(৩২)ৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠান আজি আমগুৰি নাট্যমণ্ডিৰত অনুষ্ঠিত হয়। আমগুৰি শিল্পী সমাজ আৰু আমগুৰিবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত শিল্পীপ্ৰাণ বন্ধু জোন কোঁৱৰৰ শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰিৰ অৰ্দ্ধশতাধিক জাতীয় দল, সামাজিক-সাংস্কৃতিক অনুষ্ঠান আৰু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। বাদ্যযন্ত্ৰী দিপাংকৰ শইকীয়াই আঁত ধৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰিৰ বিশিষ্ট কবি, প্ৰাক্তন অধ্যক্ষ যোগেশ কিশোৰ ফুকনে বন্তি প্ৰজ্বলন কৰা শ্ৰদ্ধাঞ্জলী অনুষ্ঠানতে অশ্ৰুসিক্ত নয়নেৰে
গৌতম বৰা আৰু ৰিমি কলিতাই গীত পৰিৱেশন কৰে। স্মতব্য যে শিৱসাগৰ জিলাৰ আমগুৰি বামুণপুখুৰী কোঁৱৰ গাঁওৰ নিবাসী সৰুমইনা কোঁৱৰৰ কণিষ্ঠ সন্তান জোন কোঁৱৰৰ জণ্ডিছ ৰোগত আক্ৰান্ত হৈ যোৱা ১৯ মেত যোৰহাট মেডিকেল কলেজত পুৱা ১০ বজাত মৃত্যুক সাৱটি লৈছিল। অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পী মানস-ৰবীনৰ বদ্যযন্ত্ৰী তথা তবলাবাদক জোন কোঁৱৰৰ কিছুদিন ধৰি জণ্ডিছ ৰোগত আক্ৰান্ত হৈ আছিল। জনপ্ৰিয় কণ্ঠশিল্পী মানস-ৰবীনৰ বিহু সাংস্কৃতিক সন্ধ্যাত অংশগ্ৰহণ কৰি অসুস্থ হৈ পৰা জোন কোঁৱৰক পৰিয়ালৰ লোকে যোৰহাট মেডিকেলত ভৰ্ত্তী কৰিছিল যদিও চিকিৎসালয়তে শিল্পীগৰাকীয়ে মৃত্যুক আকোৱালি লৈছিল । আজি শ্ৰদ্ধাঞ্জলী অনুষ্ঠানত আমগুৰি শ্ৰীমন্ত শংকৰদেৱ কলাকৃষ্টি প্ৰশিক্ষণ কেন্দ্ৰ, পূবেৰুণ শিল্পী সমাজ, শিৱসাগৰ জিলা গ্ৰাম্য সাংবাদিক সংস্থা, আমগুৰি লেখিকা সমাৰোহ সমিতি, আহোম জাতীয় গণমঞ্চৰ হৈ পুলকেশ গগৈকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষে শোক প্ৰকাশ কৰি শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.