ETV Bharat / state

'ৰজাৰ পুতেক ৰজা হ’ব নোৱাৰে' ! কোনে ৰজাৰ পুতেক? - himanta biswa campaign

লোকসভা নিৰ্বাচনৰ পিচত প্ৰতি মাহেই এবাৰকৈ নাজিৰা ভ্ৰমণ কৰিব হিমন্ত বিশ্ব শৰ্মাই

নাজিৰাত 'ৰজাৰ পুতেক ৰজা হব নোৱাৰে' বুলি দেবব্ৰত শইকীয়াক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ
author img

By

Published : Apr 2, 2019, 11:40 PM IST

Updated : Apr 3, 2019, 4:54 AM IST

শিৱসাগৰ, 2 এপ্ৰিলঃ বিজেপিত যোগদানৰ পিচত কোনোকালেই নাজিৰাত উপস্থিত নোহোৱা ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদাৰ্পণ একালৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ গৃহ সমষ্টি নাজিৰাত। মঙলবাৰে নাজিৰাৰ মেজেঙ্গাত বিজেপি দলৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

নাজিৰাত 'ৰজাৰ পুতেক ৰজা হব নোৱাৰে' বুলি দেবব্ৰত শইকীয়াক কটাক্ষ হিমন্ত বিশ্ব শৰ্মাৰ

নাজিৰাত উপস্থিত হৈ নাজিৰা সমষ্টিৰ বাট পথৰ বিধস্ত ৰূপ লৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াক কটাক্ষ কৰাৰ উপৰিও ৰজাৰ পুতেক ৰজা হব নোৱাৰে বুলি কটু মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে । প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিচত নাজিৰাৰ দায়িত্ব লোৱা মানুহে একালৰ ১ নং সমষ্টি বুলি পৰিচিত নাজিৰাক ১২৬ নম্বৰলৈ পৰ্যবসিত কৰিলে বুলিও নিজৰ ভাষণত শৰ্মাই মন্তব্য কৰে।

লোকসভা নিৰ্বাচনৰ পিচত প্ৰতি মাহেই এবাৰকৈ নাজিৰা ভ্ৰমণ কৰি নাজিৰাৰ ৰাস্তা ঘাট উন্নয়ন কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীজনে৷ একালত কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী হৈ থকা অৱস্থাত নাজিৰাত অৱস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি দি পূৰণ কৰাটো দূৰৈৰ কথা মন্ত্ৰী শৰ্মাক সাংবাদিকে বিষয়টো আজিৰ সভাত মনত পেলাই দিয়াত সেই কথা পাহৰিলে বুলিহে মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে৷

NAZIRA, HIMANTA BISWA SHARMA

নাজিৰাত প্ৰথমবাৰৰ বাবে বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলালে ড০ হিমন্ত বিশ্ব শৰ্মাই। নাজিৰাৰ বিধস্ত পথক লৈ বিৰোধী দলপতিক কটাক্ষ শৰ্মাৰ। কংগ্ৰেছৰ দিনত দিয়া প্ৰতিশ্ৰুতি পাহৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সাংবাদিকৰ প্ৰশ্নত মুৰ পোলোকা প্ৰভাৱশালী মন্ত্ৰীজনৰ।
Story-HIMANTA_SIVASAGAR
Ananta Smith
Sivasagar
02nd April

A_SVR_02ND_APR_80805-808_HIMANTA_SIVASAGAR

বিজেপিত যোগদানৰ পিছত কোনোকালেই নাজিৰাত উপস্থিত নোহোৱা ৰাজ্যৰ  প্ৰভাৱশালী মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হঠাৎ পদাৰ্পণ কংগ্ৰেছৰ অভেদ্য দূূৰ্গৰূপে পৰিচিত তথা একালৰ মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ গৃহ সমষ্টিৰ নাজিৰাত। মঙলবাৰে নাজিৰাৰ মেজেঙ্গাত বিজেপি দলৰ যোৰহাট লোকসভা সমষ্টিৰ প্ৰাৰ্থী তপন গগৈৰ নিৰ্বাচনী প্ৰচাৰ চলাই ড০ হিমন্ত বিশ্ব শৰ্মাই।
নাজিৰাত উপস্থিত হৈ নাজিৰা সমষ্টিৰ বাট পথৰ বিধস্ত ৰূপ লৈ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতি দেবব্ৰত শইকীয়াক কটাক্ষ কৰাৰ উপৰিও ৰজাৰ পুতেক ৰজা হব নোৱাৰে বুলি কটু মন্তব্য কৰে। প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ মৃত্যুৰ পিছত নাজিৰা দায়িত্ব লোৱা মানুহে একালৰ ১ নং সমষ্টি বুলি পৰিচিত নাজিৰাক ১২৬ নম্বৰলৈ পৰ্যবসিত কৰিলে বুলি ভাষনত কয় শৰ্মাই।
ৰাইজৰ ভোটভিক্ষা বিচাৰি লোকসভা নিৰ্বাচনৰ পিছত প্ৰতি মাহেই এবাৰকৈ নাজিৰা ভ্ৰমণ কৰি নাজিৰাৰ ৰাস্তা ঘাট উন্নয়ন কৰিব বুলি প্ৰতিশ্ৰুতি দিয়া মন্ত্ৰীজনে একালত কংগ্ৰেছ চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী হৈ থাকোতে নাজিৰাত অৱস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয়ৰ উন্নয়নৰ বাবে ৫০ লাখ টকাৰ আৱণ্টন দিয়াৰ প্ৰতিশ্ৰুতি পূৰণ কৰাটো দূৰৈৰ কথা মন্ত্ৰী শৰ্মাক সাংবাদিকে উক্ত
বিষয়টো মনত পেলাই দিয়াত সেই কথা পাহৰিলে বুলিহে কয় শৰ্মাই।

Bite-হিমন্ত
Last Updated : Apr 3, 2019, 4:54 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.