শিৱসাগৰ, 21 এপ্ৰিলঃ সোমবাৰে নিশা শিৱসাগৰৰ বনিয়াবাৰীত ভাৰতীয় সেনা বাহিনীৰ অভিযান ! সেনা বাহিনীৰ জোৱান বুলি পৰিচয় দিয়া 5-6জনীয়া দলটোৱে নিজা বাসগৃহৰ পৰা আটক কৰে চৰিফ আলী (৩০) নামৰ এজন যুৱকক ৷ দলটোৰ লগত আছিল এগৰাকী আৰক্ষী জোৱানো ৷ ইপিনে আটক হোৱা চৰিফ আলী স্থানীয় এটা বেকাৰীত গাড়ী চালক হিচাপে কৰ্মৰত আছিল ৷ কিন্তু সেনা বাহিনীয়ে যুৱকজনক কিয় আটক কৰিলে তাকে লৈ এতিয়াও অজ্ঞাত পৰিয়ালৰ লগতে গাঁওবাসী ৷ ইপিনে পৰিয়ালৰ অভিযোগ, কোনো কাৰণ নোহোৱাকৈ চৰিফ আলীক সেনাৰ দলটোৱে অজ্ঞাত স্থানলৈ লৈ গৈছে ৷ এই সংক্ৰান্তত যুৱকজনৰ পত্নী জাহানাৰা বেগমে শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে শীঘ্ৰে স্বামী চৰিফ আলীৰ মুক্তি দাবী কৰিছে ৷
আনহাতে এক সূত্ৰ অনুসৰি যুৱকজনক আলফাৰ লিংক মেনৰ সন্দেহত আটক কৰিছে সেনা বাহিনীয়ে ৷ 1মাহ পূৰ্বে যুৱকজনৰ অভিজিৎ চেতিয়া নামৰ এজন ঘনিষ্ঠ বন্ধুকো আলফাৰে সম্পৰ্ক থকাৰ অভিযোগত আটক কৰি আৰক্ষীক চমজাই দিছিল সেনাই ৷ অভিজিৎ চেতিয়া বৰ্তমান শিৱসাগৰ জিলা কাৰাগাৰত বন্দী ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰিফ আলিকো একে কাৰণতে আটক কৰাৰ সন্দেহ প্ৰকাশ কৰিছে একাংশই ৷