ETV Bharat / state

শিৱসাগৰৰ এখন আদৰ্শ গাঁও... - শিৱসাগৰ

এখন সেউজীয়া স্বচ্ছ গাঁও। গাঁওখন সেউজীয়া কৰি ৰখাত সফল হৈছে গাঁওবাসী। গাঁওবাসী অকৃত্ৰিম চেষ্টা আৰু স্বচ্ছ কৰি ৰখাত সফল হোৱা বাবে গাঁওখনে "স্বচ্ছ আৰু সেউজ বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে।

শিৱসাগৰৰ এখন আদৰ্শ গাঁও...
author img

By

Published : Jul 2, 2019, 3:25 PM IST

Updated : Jul 2, 2019, 4:11 PM IST

শিৱসাগৰ,2জুলাইঃ শিৱসাগৰৰ দেৱালয় গায়ন গাঁৱক এখন আদৰ্শ গাঁৱলৈ পৰিণত কৰিছে গাঁওবাসীয়ে । ব্যস্ত পথৰ কাষে কাষে ভিন্ন প্ৰজাতিৰ ফুল পুলি ৰোপণ কৰি সুন্দৰ মনৰ পৰিচয় দাঙি ধৰাত সফল হৈছে গাঁওবাসী । চাওক এক প্ৰতিবেদন...

শিৱসাগৰৰ এখন আদৰ্শ গাঁও...

শিৱসাগৰ,2জুলাইঃ শিৱসাগৰৰ দেৱালয় গায়ন গাঁৱক এখন আদৰ্শ গাঁৱলৈ পৰিণত কৰিছে গাঁওবাসীয়ে । ব্যস্ত পথৰ কাষে কাষে ভিন্ন প্ৰজাতিৰ ফুল পুলি ৰোপণ কৰি সুন্দৰ মনৰ পৰিচয় দাঙি ধৰাত সফল হৈছে গাঁওবাসী । চাওক এক প্ৰতিবেদন...

শিৱসাগৰৰ এখন আদৰ্শ গাঁও...
Intro:Body:Slug- Amguri Model village news

A/ V= এখন সেউজীয়া স্বচ্ছ গাঁও। গাঁওখন সেউজীয়া কৰি ৰখাত সফল হৈছে গাঁওবাসী। গাঁওবাসী অকৃত্ৰিম চেষ্টা আৰু স্বচ্ছ কৰি ৰখাত সফল হোৱা বাবে গাঁওখনে "স্বচ্ছ আৰু সেউজ বঁটা" লাভ কৰিবলৈ সক্ষম হৈছে। চাঁও আহক এই সেউজীয়া গাঁওখন,,,,,

V/O= এইখন শিৱসাগৰৰ দেৱালয় গায়ন গাঁও । 'য'তে পৰিস্কাৰ, ত'তে সংস্কাৰ' এই বাক্য শিৰোগত কৰি গাঁওখনৰ প্ৰৱেশ পথতে এনেদৰে লিখি ৰখা হৈছে। গাঁওখনক এখন আদৰ্শ গাঁওলৈ পৰিণত কৰিছে গাঁওবাসীয়ে। গাঁওবাসীয়ে ব্যস্ত ৰাস্তাৰ কাষে কাষে ভিন্ন প্ৰজাতিৰ ফুল পুলি ৰোপণ কৰি সুন্দৰ মনৰ পৰিচয় দাঙি ধৰাত সফল হৈছে। ৰাস্তাৰ কাষত গঢ়ি তোলা হৈছে মনোৰম ফুলনি ।

এই স্বচ্ছ গাঁওখনতে শিৱসাগৰ জিলা উপায়ুক্তই প্ৰদান কৰিলে বিনামূলীয়া ফিল্টাৰ। নুমলীগড় ৰিফাইনেৰি লিমিটেডৰ চি এচ আৰ ২০১৯-২০ ৰ অধীনত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান প্ৰভাতী কিৰণৰ সহযোগত ৰূপায়ণ কৰা কাৰ্যসূচীত অদ্ধশতাধিক পৰিয়ালক
বিনামূলীয়া ফিল্টাৰ বিতৰণ কৰে।

V/O= কেৱল এয়াই নহয়, এখন ধপাত মুক্ত আৰু প্লাষ্টিক মুক্ত গাঁও গঢ়াৰ উদ্দেশ্যে ৰাস্তাৰ কাষত দিয়া হৈছে বাঁহেৰে নিৰ্মাণ কৰা ডাষ্টবিন । সেইদৰে বাটৰুৱাই যাতে জিৰণি লব পাৰে , তাৰ বাবে নিৰ্মাণ কৰা হৈছে জিৰণি চৰাও। যাৰ বাবে বাটৰুৱাৰ এতিয়া আকৰ্ষণীয় কেন্দ্ৰবিন্দু হৈ পৰিছে এই গাঁওখন ।

গাঁওখন স্বচ্চ আৰু সেউজীয়া কৰি সুস্থ পৰিৱেশ গঢ়ি তোলাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে ৭০ সংখ্যক গণতন্ত্ৰ দিৱসৰ দিনটোতে "স্বচ্ছ আৰু সেউজ বঁটা" প্ৰদান কৰিছিল।

E/V= যি সময়ত নগৰ-মহানগৰত প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাইছে, সেইসময়ত এইসকল লোকে পৰিস্কাৰ পৰিচ্ছন্নতাৰ লগতে গছ পুলি ৰোপণ কৰি গঢ়ি তুলিছে এক বিনন্দীয়া পৰিৱেশ। সঁচাকৈ যান্ত্ৰিকতাৰ যুগতো এইসকল লোকে দাঙি ধৰিছে আদৰ্শ গাওঁৰ এক বিৰল নিৰ্দশন।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসমConclusion:
Last Updated : Jul 2, 2019, 4:11 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.