আমগুৰি, ১৯ এপ্ৰিল: যোৱা কেইবাদিনো ধৰি হোৱা নেৰানেপেৰা বৰষুণ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ জনজীৱন । অপৰিকল্পিতভাৱে নলা-নৰ্দমা নিৰ্মাণ কৰাৰ ফলত বহু চহৰ-নগৰত দেখা দিছে কৃত্ৰিম বানে সমস্যাই । শিৱসাগৰৰ অন্যতম চহৰ আমগুৰিটো উদ্ভৱ হৈছে কৃত্ৰিম বানৰ সমস্যা (Artificial flood in Amguri) ।
কৃত্ৰিম বানৰ কৱলত পৰিছে আমগুৰিৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ কাৰ্যালয়ো । আমগুৰি নগৰত ধাৰাসাৰ বৰষুণৰ ফলত আমগুৰিস্থিত পৰিবহণ নিগমৰ কাৰ্যালয়ৰ ভিতৰত একাঁঠু পানী হোৱাৰ লগতে নগৰখনৰ ৩ নং ৱাৰ্ডৰ ১৫ টাকৈ পৰিয়াল কৃত্ৰিম বানৰ কৱলত পৰিছে । কৃত্ৰিম বানৰ বাবে আমগুৰিত পৰিবহন নিগমৰ বাছৰ চলাচল বন্ধ হৈ পৰিছে (ASTC bus movement stopped due to Artificial flood) ।
যাৰ ফলত যাত্ৰীৰ যাতায়াত ক্ষেত্ৰত ব্যাপক অসুবিধাই দেখা দিছে । ভাৰতীয় ৰেলৱে বিভাগে গাৰ্ড ৱাল নিৰ্মাণৰ নামত পানী যোৱা নলা পুতি পেলোৱা আৰু ধোদৰ আলিৰ কাষত থকা নলাসমূহ কামত নহাৰ ফলতেই কৃত্ৰিম বানৰ কৱলত পৰি বহু পৰিয়ালে হাৰাশাস্তিৰ সন্মুখীন হৈছে ।
এই সমস্যা এতিয়াৰে নহয় ৷ বিগত বহু বছৰ ধৰি এই সমস্যাৰ মোকাবিলা কৰি আহিব লগীয়া হৈছে নগৰখনৰ বাসিন্দাই । স্থানীয় লোকসকলে জনোৱামতে ভাৰতীয় ৰেলৱে বিভাগে গাৰ্ড ৱাল নিৰ্মাণৰ নামত পানী যোৱা নলা পুতি পেলোৱাৰ পাছত উপযুক্ত ব্যৱস্থা কৰি দিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো কাণসাৰ দিয়া নাই ৰে'লৱে কৰ্তৃপক্ষই । শীঘ্ৰেই এই সমস্যা সমাধানৰ দাবী অঞ্চলটোৰ ৰাইজ তথা ASTC কাৰ্যালয়টোৰ কৰ্তৃপক্ষৰ ।
লগতে পঢ়ক: প্ৰচণ্ড ধুমুহা আৰু বৰষুণৰ কৱলত ডিমা হাছাও