ETV Bharat / state

আমগুৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম - আমগুৰি উন্নয়ণ খণ্ড

আমগুৰি উন্নয়ণ খণ্ডৰ অধীনস্থ আমগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত অনিয়ম ৷ আমগুৰি গাঁও পঞ্চায়তৰ জি আৰ এচ জখৰীয়া কাশ্যপৰ বিৰুদ্ধে উত্থাপিত হৈছে গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷

Allegation of irregularities in construction of PMAY houses in Amguri
আমগুৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম
author img

By

Published : Sep 1, 2022, 12:39 PM IST

আমগুৰি, 1 চেপ্টেম্বৰ: আমগুৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়মৰ অভিযোগ (PMAY houses) ৷ আমগুৰি উন্নয়ণ খণ্ডৰ অধীনস্থ আমগুৰি গাঁও পঞ্চায়তত সংঘটিত হৈছে প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণত অনিয়ম ৷ আমগুৰি গাঁও পঞ্চায়তৰ জি আৰ এচ জখৰীয়া কাশ্যপৰ বিৰুদ্ধে উত্থাপিত হৈছে গৃহ নিৰ্মাণত অনিয়মৰ অভিযোগ ৷

পঞ্চায়তটোৰ ৯ আৰু ২ নং ৱাৰ্ডত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নিৰ্মাণত বৃহৎ অনিয়ম কেলেংকাৰী আৰু দুৰ্নীতিৰ ঘটনা পোহৰলৈ আহিছে । এই লৈ আমগুৰি গাঁও পঞ্চায়তৰ জি আৰ এচৰ বিৰুদ্ধে চাহ মুক্তি সংগ্ৰাম সমিতি আৰু আটছাই সাব্যস্ত কৰে প্ৰতিবাদ ৷

আমগুৰিত প্ৰধানমন্ত্ৰী আৱাস যোজনা গৃহ নিৰ্মাণৰ নামত ব্যাপক অনিয়ম

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰি সমুদায় ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন হৈছে । ইফালে নিৰ্মাণৰ পিছতেই ৱাল খহি পৰা, পকী ৱালত ফাট মেলা, বীমত ইটা দিয়া, প্ৰাককলনতকৈ গৃহ সৰুকৈ নিৰ্মাণ কৰাৰ দৰে বহুকেইটা গুৰুতৰ অভিযোগ আনে চাহ মুক্তি সংগ্ৰাম সমিতি আৰু আটছাই । এই ঘটনাক কেন্দ্ৰ কৰি আমগুৰি গাঁও পঞ্চায়তৰ জি আৰ এচ জখৰীয়া কাশ্যপক নিলম্বনৰ দাবী জনাইছে জাতীয় সংগঠন দুটাই ।

লগতে পঢ়ক: জোনাইত PMAYৰ নামত ব্যাপক দুৰ্নীতি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.