শিৱসাগৰ,8 ডিচেম্বৰঃ জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯ ৰ বিৰুদ্ধে শিৱসাগৰ নগৰৰ ৰাজপথত দেওবাৰে বিয়লি প্ৰতিবাদৰ চৰম পন্থা অৱলম্বন কৰে মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ মটক ছাত্ৰ সন্থাই ৷ শিৱসাগৰ নগৰৰ ব্যস্তময় দল'মুখ চাৰিআলিত কেবৰ বিৰুদ্ধে মটক যুৱ ছাত্ৰ পৰিষদৰ সদস্যই ৰূপায়ণ কৰে উলঙ্গ প্ৰতিবাদ । প্ৰতিবাদস্থলীৰ পৰা উলংগ প্ৰতিবাদ সাব্যস্ত কৰা জিলা সাধাৰণ সম্পাদক বিটুল গগৈ,জিলা উপ-সভাপতি বিতু পাটৰ,সহকাৰী সাধাৰণ সম্পাদক অনিদ্ৰ কুমাৰ গগৈক শিৱসাগৰ আৰক্ষীয়ে আটক কৰে ৷
আৰু পঢ়ককেব বিৰোধী প্ৰতিবাদ প্ৰতিহত কৰিবলৈ সাজু বঙাইগাঁও জিলা প্ৰশাসন