শিৱসাগৰ, 20 মাৰ্চঃ শিৱসাগৰ সদৰ থানাত উপস্থিত হ'ল কৃষক নেতা অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ ৷ পুত্ৰক দেখা কৰিবলৈ সদৰ থানাত উপস্থিত হয় অখিলৰ মাতৃ ৷ অখিলৰ স্বাস্থ্যক লৈ উদ্বিগ্ন হৈ পৰিছে মাতৃ ৷ সংবাদ মাধ্যমযোগে মাতৃ প্ৰিয়দা গগৈয়ে সঠিকভাৱে অখিলক চিকিৎসা প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে ৷
তেওঁ কয় যে, চৰকাৰে চক্ৰান্ত কৰি বাৰম্বাৰ কাৰাৰুদ্ধ কৰি ৰাখিছে অখিলক ৷ লগতে কঁকালৰ বিষ, কিডনী ষ্ট'নকে ধৰি বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা অখিলক পৰ্যাপ্ত চিকিৎসা প্ৰদান নাই কৰা বুলি ক্ষোভ প্ৰকাশ কৰে ৷ চৰকাৰৰ এই চক্ৰান্তৰ প্ৰত্যুত্তৰ ৰাইজে দিব বুলি মন্তব্য প্ৰকাশ কৰে অখিলৰ মাতৃয়ে ৷ আনহাতে, সাক্ষাৎকালত অখিলে মাতৃৰ আগত একমাত্ৰ পুত্ৰৰ প্ৰতি চৰকাৰে অন্যায় কৰা বুলি ক্ষোভ ব্যক্ত কৰে ৷ এইদৰে পুত্ৰৰ প্ৰতি কৰা অন্যায়ৰ কথা সংবাদ মাধ্যমক জানিবলৈ দিয়ে মাতৃ প্ৰিয়দা গগৈয়ে ৷
লগতে পঢ়কঃ শিল্পী পংকজ বৰদলৈৰ দেহাৱসান