ETV Bharat / state

আমগুৰিত ৰিক্-খন্-ম্যুং-খন্ উৎসৱ পালন - আহোম ধৰ্মীয় পূজা

ৰিক্ খন্ ম্যুং খন্ উৎসৱ হৈছে আহোমসকলে আয়োজন কৰা আহোম ধৰ্মীয় অনুষ্ঠান । আহোম ৰাজ্যৰ লগতে স্বৰ্গদেউ, ডাঙৰীয়াসকলৰ শ্ৰীবৃদ্ধি তথা আয়ুস বৃদ্ধি আৰু সৈন্য-সামন্তসকলৰ শক্তি বৃদ্ধিৰ বাবে মূলতঃ এই পূজা কৰা হৈছিল ।

ahom-traditional-puja-rik-khan-mung-khon-celebrate-at-amguri
আমগুৰিত ৰিক্-খন্-ম্যুং-খন্ উৎসৱ পালন
author img

By

Published : Sep 27, 2021, 1:20 PM IST

আমগুৰি, 27 ছেপ্টেম্বৰ : টাই আহোমসকলৰ এক অন্যতম ধৰ্মীয় অনুষ্ঠান ৰিক্-খন্-ম্যুং-খন্ উৎসৱ । উজনি অসমৰ টাই আহোম লোকসকলৰ এক বিশেষ লোক উৎসৱ ৰিক্-খন্-ম্যুং-খন্ মানে হ'ল জীৱনী শক্তি অথবা আয়ুস শ্ৰীবৃদ্ধি কৰা উৎসৱ । ১২২৮ খ্ৰীষ্টাব্দত স্বৰ্গদেও চাওল্যুং চুকাফাই আহোম ৰাজ্য প্ৰতিষ্ঠা কৰাৰ পিছৰে পৰাই আহোমৰ তিনি পুৰোহিত দেউধাই, মহন আৰু বাইলুঙসকলে এই ৰিক্-খন্-ম্যুং-খন্ উৎসৱ অনুষ্ঠিত কৰিছিল ।

আমগুৰিত ৰিক্-খন্-ম্যুং-খন্ উৎসৱ পালন

আহোম ৰাজ্যৰ শ্ৰীবৃদ্ধিৰ লগতে স্বৰ্গদেউ, ডাঙৰীয়াসকলৰ শ্ৰীবৃদ্ধি অথবা আয়ুস বৃদ্ধিৰ বাবে আৰু সৈন্য-সামন্তসকলৰ শক্তি বৃদ্ধিৰ বাবে এই পূজা কৰা হৈছিল । আহোম স্বৰ্গদেওসকলৰ দিনৰপৰা বৰ্তমানলৈ সম্পূৰ্ণ টাই পৰম্পৰাৰে টাই আহোমসকলে এই ৰিক্-খন্-ম্যুং-খন্ উৎসৱ অনুষ্ঠিত কৰি আহিছে । টাই আহোম যুৱ পৰিষদ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আমগুৰিৰ চামগুৰিত "চাও-চেন-ৰেন" ত দেওবাৰে অনুষ্ঠিত কৰে "ৰিক্-খন্-ম্যুং-খন্" উৎসৱ ।

ফুৰালুং ৰীতি-নীতিৰে টাই ধৰ্মীয় লোকসকলে পৰম্পৰাগত সাজপাৰ পৰিধান কৰি টাই দিহানাম পৰিৱেশন কৰে । টাই পণ্ডিতৰ মন্ত্ৰোচাৰণ ধ্বনিৰে ১০১ গছি বন্তি জ্বলাই টাই পণ্ডিতে "প্ৰকৃতিৰ পূজা" কৰে । সৌৰমণ্ডলৰ প্ৰতীক ১০১ গছি চাকিৰে দেৱ-দেৱীক পূজা অৰ্চনা নকৰি প্ৰকৃতি প্ৰদত্ত সামগ্ৰীৰে "প্ৰকৃতিৰ পূজা" কৰা বুলি জানিবলৈ দিয়ে । পৰম পুৰুষক ফুৰালুং ৰীতি-নীতিৰে টাই লোকসকলে উপাসনা কৰা বুলি কয় ।

ahom-traditional-puja-rik-khan-mung-khon-celebrate-at-amguri
ৰিক্-খন্-ম্যুং-খন্ উৎসৱ

দেওবাৰে নিশা টাই ধৰ্মীয় লোকসকলে নদীৰ পৰা পানী তোলা, টাই পণ্ডিত আৰু আহোমৰ তিনি পুৰোহিত দেউধাই, মহন আৰু বাইলুংৰ পূজা-পাতলেৰে "ৰিক্-খন্-ম্যুং-খন্" অৰ্থাৎ সকলোৰে মংগল কামনা কৰা হয় ।

লগতে পঢ়ক : সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত SOP ত কিছু ৰেহাই দিবলৈ আহ্বান অভিনেত্ৰী ভ্ৰান্তি মেধিৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.