ETV Bharat / state

ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এটা ৰে'ল ষ্টেচন

author img

By

Published : Aug 16, 2021, 6:25 PM IST

20 বছৰে পৰিত্যক্ত অৱস্থাত থকা এটা ৰে'ল ষ্টেচন ৷ যিটো ষ্টেচনে অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ লগত স্থাপন কৰিছিল যোগাযোগ ৷ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা 14 কিলমিটাৰ দূৰত্বৰ মোককচুং জিলাৰ টুলীত স্থাপন কৰা হৈছিল ৰে'ল ষ্টেচনটো । কিন্ত বৰ্তমান পৰিত্যক্ত এই ষ্টেচনটো ৷

a-train-station-mysteriously-shut-down-etv-bharat-assam
ৰহস্যজনকভাৱে বন্ধ হৈ পৰিল এটা ৰে'ল ষ্টেচন

আমগুৰি, 16 আগষ্ট : অসমৰ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ লগত যাতায়াতৰ অন্যতম মাধ্যম আছিল এটা ৰেলপথ । স্থলপথৰ পিছতে যোগাযোগৰ অন্যতম মাধ্যম ৰেলপথে দুয়োখন ৰাজ্যক অৰ্থনৈতিক, সাংস্কৃতিক, পৰ্যটন সকলো দিশতে সামৰি ল'ব পাৰে । গুৰুত্বপূৰ্ণ বিষয় যে আশীৰ দশকতে নিৰ্মাণ কৰা অসম-নগালেণ্ডৰ সংযোগস্থলৰ এটা ৰে'ল ষ্টেচন আজিও অৱহেলিত অৱস্থাত আছে । শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা 14 কিলমিটাৰ দূৰত্বৰ মোককচুং জিলাৰ টুলীত স্থাপন কৰিছিল ৰে'ল ষ্টেচনটো ।

2001 চনৰ অক্টোবৰত টুলি ৰে'ল ষ্টেচনটো মুকলি কৰাৰ লগতে অসমৰ মৰিয়নিৰ পৰা টুলিলৈ দৈনিক চলিছিল এখন যাত্ৰীবাহী ৰে'ল । এই ৰে'লখনে দুয়োখন ৰাজ্যৰ যাতায়ত ব্যৱস্থাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল । কিন্তু ৰহস্যজনক কাৰণত মাত্ৰ তিনিমাহ যাত্ৰবাহী ৰে'লখন চলাৰ পাছতেই ভাৰতীয় ৰে'ল বিভাগে বন্ধ কৰি দিয়ে ৰে'লখনৰ চলাচল ।

বিগত 20 বছৰে পৰিত্যক্ত হৈ থকা ৰে'ল ষ্টেচনটো হাবি জংঘলে আৱৰি ধৰিছে । 20 বছৰে এই ৰে'ল ষ্টেচনটোলৈ যোৱা নাই এখনো ৰে'ল । এতিয়া জহি খহি গৈছে ৰে'ল ষ্টেচনটোৰ প্লেটফৰ্ম, কাৰ্যালয় আৰু আৱাস গৃহ সমূহ ।

নিশা হ'লে বনৰীয়া জীৱ জন্তৰ আৱস স্থলী হয় এই ৰে'ল ষ্টেচনটো । 20 বছৰ পূৰ্বে ভাৰতীয় ৰে'ল বিভাগে টুলি কাগজ কলৰ কৰ্মচাৰী সকলৰ লগতে অসম আৰু নগালেণ্ডৰ সাধাৰণ ৰাইজৰ যাতায়তৰ সুবিধা হোৱাকৈ অসমৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ পৰা 14 কিলমিটাৰ দূৰত মোককচুং জিলাৰ টুলীত স্থাপন কৰিছিল ৰে'ল ষ্টেচনটো । তেতিয়াৰ পৰাই পৰিত্যক্ত হৈ পৰে ৰে'ল ষ্টেচনটো ।

টুলী ৰে'ল ষ্টেচনটো পুনৰ জীৱিত কৰি ৰে'ল চলাচল কৰাবৰ বাবে দীৰ্ঘদিনৰ পৰা স্থানীয় নগা লোক সকলে ভাৰতীয় ৰে'ল বিভাগক দাবী জনাই আহিছে । আনহাতে টুলী ৰে'ল ষ্টেচন পুনৰ সক্ৰিয় হ'লে অসম আৰু নগালেণ্ডৰ মাজত যোগাযোগ ব্যৱস্থা উন্নত হোৱাৰ লগতে ব্যৱসায়-বাণিজ্যতো ব্যাপক প্ৰভাৱ পৰা আশা কৰিছে স্থানীয় নগা লোকসকলে ।

লগতে পঢ়ক:পশ্চিমবংগৰ লগতে 15 ৰাজ্যত তৃণমূলৰ ‘খেলা হবে দিৱস’ পালন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.