নলবাৰী, 2আগষ্ট: মুকালমুৱাৰ আদাবাৰীত পাগলাদিয়া নৈত সোমবাৰে অনুষ্ঠিত হয় পৰম্পৰাগত নাওখেল প্ৰতিযোগিতা (Traditional boating competition at Pagladiya River) । প্ৰবল বৰষুণকো নেওচি পাগলাদিয়া নৈত সজাগতা যুৱ মঞ্চৰ উদ্যোগত আৰু আদাবাৰী-সূতাৰকুছি গাঁৱৰ ৰাইজৰ সহযোগত অনুষ্ঠিত হোৱা নাও খেল প্ৰতিযোগিতাখনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ৯ টা নাও খেলৰ দলে অংশ গ্ৰহণ কৰে ৷
অৱশ্যে খেলখন খেলি থকাৰ সময়তে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা দুখন নাও ভৰ বাৰিষা উফন্দি থকা নৈত ডুব যায় (Boat capsized at Pagladiya River) ৷ অৱশ্যে নাওকেইখনত থকা খেলুৱৈসকলক অন্য নাৱৰ দ্বাৰা উদ্ধাৰ কৰা হয় ৷ অৱশ্যে কিছুসময় পিছত নৈৰ প্ৰৱল সোঁত আৰু এন্ধাৰৰ বাবে নাওখেল প্ৰতিযোগিতাখন স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰে আয়োজক সমিতিয়ে ৷
পৰৱৰ্তী সময়ত নাওখেল প্ৰতিযোগিতাখন পুনৰ অনুষ্ঠিত কৰিব বুলি জানিব দিয়ে উদ্যোক্তা সমিতিয়ে । নাওখেলৰ প্ৰতিযোগিতাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন । প্ৰবল বৰষুণকো নেওচি পাগলাদিয়া নৈৰ পাৰত এই নাওখেল চাবলৈ হাজাৰ হাজাৰ দৰ্শক সমাগম হয় ৷
লগতে পঢ়ক: Judo at CWG: জুডোত ৰূপৰ পদক আজুৰিলে মনিপুৰৰ সুশীলা দেৱীয়ে