নলবাৰী, 17 জানুৱাৰী: ৰাজ্যৰ আন আন জিলাৰ লগতে নলবাৰী জিলাতো শনিবাৰৰ পৰা আৰম্ভ হৈছে ক'ভিড ভেকচিন প্ৰদান প্ৰক্ৰিয়া ৷ জিলাখনৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় আৰু ঘগ্ৰাপাৰ ব্লক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰদান কৰা হৈছে এই ভেকচিন ৷ প্ৰথম পৰ্যায়ত জিলাখনৰ 6,265 গৰাকী লোকক ক'ভিড ভেকচিন প্ৰদান কৰা হ'ব ৷
উল্লেখ্য যে, নলবাৰী অসামৰিক চিকিৎসালয়ৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কামেশ্বৰ লহকৰে প্ৰথমে ভেকচিন গ্ৰহণ কৰে যদিও প্ৰথম পৰ্যায়ত চিকিৎসা কৰ্মী আৰু সমাজ কল্যান বিভাগৰ কৰ্মীসকল ভেকচিন দিয়া হ'ব বুলি উল্লেখ কৰে স্বাস্থ্য বিভাগে ৷ এই ক'ভিড ভেকচিন প্ৰদান অনুস্থানত উপস্থিত থাকে নলবাৰী জিলা উপায়ুক্ত পূৰৱী কোঁৱৰ ৷
লগতে পঢ়ক: অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালক ৰৱট প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ