ETV Bharat / state

Nalbari Hari Mandir Controversy: আদালতৰ পৰিবৰ্তে ৰাইজৰ কাঠগড়াত হৰিমন্দিৰ বিৰ্তকৰ সমাধান সূত্ৰ উলিওৱাৰ পোষকতা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

author img

By ETV Bharat Assamese Team

Published : Oct 2, 2023, 11:28 AM IST

বিতৰ্কৰ মাজতে নলবাৰীৰ হৰিমন্দিৰৰ ৰাজহুৱা সভা । মন্দিৰটোক ব্যক্তিগত বুলি নাভাবিবলৈ নিৰ্দেশ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ । ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে সমাধান সূত্ৰ উলিওৱাৰ কথা ব্যক্ত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ।

Nalbari Hari Mandir Controversy
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা
মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা

নলবাৰী, ২ অক্টোবৰ: নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিক কেন্দ্ৰ কৰি বিতৰ্ক অব্যাহত থকাৰ সময়তে দেওবাৰে হৰিমন্দিৰ বাকৰিত অনুষ্ঠিত হয় এখনি সাধাৰণ সভা । ৰাজহুৱা সভাত সৰ্বসন্মতিক্ৰমে সমাধান সূত্ৰ উলিওৱাৰ কথা ব্যক্ত কৰে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই । মন্ত্ৰী বৰুৱাই কয়, কোনো মানুহে নিবিচাৰে হৰিমন্দিৰৰ বিষয়টো আদালতৰ মজিয়া পাওঁক । ৰাজহুৱা সভাৰ জৰিয়তে আদালতৰ মজিয়াৰ পৰা সমগ্ৰ বিষয়টো আনি ৰাইজৰ জৰিয়তে আলোচনা কৰাৰ পোষকতা কৰা বুলিও মন্ত্ৰী বৰুৱাই সদৰী কৰে ।

মন্ত্ৰী বৰুৱাই পুনৰ কয়, অহা ৪ অক্টোবৰত উচ্চ ন্যায়ালয়ত তৰা গোচৰটো উঠাই অনাৰ লগে লগে ৰাজহুৱা ব্যৱস্থাৰ মাজেৰে শেষ হ’ব হৰিমন্দিৰ সমিতিৰ সকলো দিশৰ আলোচনা । ৰাজহুৱা মন্দিৰটোত যাতে কোনেও ব্যক্তিগত কাম কৰিব নোৱাৰে তাৰ বিষয়ে আলোচনা কৰাৰ কথা মন্ত্ৰী বৰুৱাই জানিবলৈ দিয়ে । ইফালে পূৰ্বৰ সমিতিয়ে অহা ১৫ অক্টোবৰৰ ভিতৰত প্ৰতিগৰাকী আজীৱন সদস্যৰ গৃহত হিচাপৰ তালিকা প্ৰেৰণ কৰাৰ পিচত অহা ২৯ অক্টোবৰৰ ৰাজহুৱা সভাত পুনৰ হিচাপ দাখিল কৰিব বুলিও মত ব্যক্ত কৰে ।

উল্লেখ্য যে, শ্ৰীশ্ৰী হৰিমন্দিৰ সমিতিৰ আজীৱন সভ্যৰ ১৪ জন সদস্যই জিলা আয়ুক্তকে ধৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ২৯ ছেপ্টেম্বৰত গুৱাহাটী উচ্চ ন্যায়ালয়ত এক গোচৰ তৰিছিল । অহা ৪ অক্টোবৰত উক্ত গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰিছে আদালতে । যাৰ পিচতে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰৰ সমিতিৰ যুঁজখন ভিতৰি ভিতৰি অধিক তীব্ৰতৰ হোৱাৰ শংকা কৰা হৈছিল ।

নলবাৰী প্ৰাক্তন বিধায়ক তথা হৰিমন্দিৰৰ সভাপতি অশোক শৰ্মাই পোনপটীয়াকৈ এক সংবাদমেলযোগে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাস সমিতিৰ পৰা হৰিমন্দিৰ সমিতিলৈ অহাক লৈ তীব্ৰ কটাক্ষ কৰিছিল ৷ নলবাৰীৰ বিভিন্ন লোকে ৰাজনৈতিক মল্লযুঁজখন পবিত্ৰ ঠাইত হোৱাৰো সন্দেহ প্ৰকাশ কৰিছিল । দেওবাৰ এই ৰাজহুৱা সভাত নগেন ডেকা, মদন মালাকাৰকে ধৰি কেইবাজনো বিষয় তথা বহুসংখ্যক লোক উপস্থিত আছিল । আদালতৰ মজিয়া পোৱা নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী হৰিমন্দিৰৰ পৰিচালনা সমিতিক লৈ চলি থকা দুই ফৈদৰ যুঁজখন কোন দিশে গতি কৰিব, সেয়া পৰৱৰ্তী সময়তহে হ‘ব লক্ষণীয় ।

লগতে পঢ়ক: Nalbari Harimandir samiti : হৰিমন্দিৰ সমিতিৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত দ্বাৰস্থ ১৪ জনীয়া আজীৱন সভ্য সদস্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.