নলবাৰী, 18 জুনঃ অসমত হৈ থকা ধাৰাবাহিক হত্যাকাণ্ড আৰু চীনে ভাৰত আক্ৰমণ কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে নলবাৰীৰ হৰি মন্দিৰৰ পৰা বাটাৰ চকলৈ এক প্ৰতিবাদী সমদল উলিয়ায় বজৰংগ দলৰ সদস্য সকলে ৷ সনাতন ডেকা,ঋতূপৰ্ণ পেগুৰ হত্যাকাৰীত কঠোৰ শাস্তি প্ৰদানৰ লগতে বাটাৰ চকত চীনা পতাকা দাহ কৰি,চীনা সামগ্ৰী বৰ্জনৰ দাবী জনায় দলটোৱে ৷
আনহাতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৃহ বিভাগৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱা বুলিও উল্লেখ কৰে প্ৰতিবাদকাৰীয়ে ৷ মুখ্যমন্ত্ৰী গৰাকীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন কৰি তেওঁক পদত্যাগ কৰিবলৈয়ো দাবী জনায় দলৰ সদস্যসকলে ৷
লগতে পঢ়কঃ মিছামাৰীত অসম পেট্ৰেলিয়াম মজদুৰ ইউনিয়নৰ প্ৰতিবাদঃ আবদ্ধ তেল সৰবৰাহ কৰা টেংকাৰ