ETV Bharat / state

Durga puja preparation 2023 : হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনস্থলী ঐতিহাসিক জ্ঞানদায়িনী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্ততি

author img

By ETV Bharat Assamese Team

Published : Oct 10, 2023, 1:23 PM IST

নলবাৰীৰ ঐতিহাসিক সাহপুৰ ৰাজঘাটৰ ধৰ্মপুৰ জ্ঞানদায়িনী দুৰ্গা পূজাৰ শতবৰ্ষিকী মহোৎসৱৰ বাবে ব্যাপক প্ৰস্ততি । হিন্দু মুছলমানৰ সম্প্ৰীতিৰ নিদৰ্শনস্থলী দুৰ্গা পূজাখনে এইবেলি দহদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব বুলি জানিব দিয়ে ।

Nalbari Durga Puja Centenary Mahotsav Preparation
ঐতিহাসিক জ্ঞানদায়িনী দুৰ্গা পূজাৰ ব্যাপক প্ৰস্ততি

নলবাৰী, 10 অক্টোবৰ: শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাত্ৰ আৰু কেইটামান দিন বাকী । দেৱী দুৰ্গাক আদৰিবলৈ পূৰ্ণ প্ৰস্তুতি চলিছে নলবাৰীৰ বিভিন্ন পূজাস্থলীসমূহত । 104 বছৰত ভৰি দিয়া নলবাৰীৰ ঐতিহাসিক ৰজা দিনীয়া দুৰ্গোৎসৱ সাহপুৰ ৰাজঘাট পূজা সমিতিয়ো চলাইছে ব্যাপক প্ৰস্ততি । শতবৰ্ষীয় মহোৎসৱৰ আয়োজনৰ বাবে চলিছে সাহপুৰ দুৰ্গা পূজাত এইবাৰ ব্যাপক প্ৰস্ততি ।

এইবেলি শতবাৰ্ষিকী মহোৎসৱ অনুষ্ঠানৰ বাবে এতিয়া দিনে-নিশাই ব্যস্ত হৈ পৰিছে উদ্যোক্তা সমিতিকে ধৰি স্থানীয় ৰাইজ । উল্লেখযোগ্য যে, বুঢ়াদিয়া নৈৰ ঘাটতে ৰজা নাগক্ষই গা ধোৱা ঘাটত স্থাপিত হোৱা 104 বছৰীয়া ধৰ্মপুৰ সাহপুৰ ৰাজঘাট দুৰ্গা পূজাত ইছলাম ধৰ্মাৱলম্বী লোকৰো আছে অনন্য অৱদান । 1985 চনৰে পৰা ইছলাম ধৰ্মাৱলম্বী লোকসকলে দেৱী দুৰ্গাৰ অকালবোধন হিচাপে এই সাহপুৰ দুৰ্গা পূজাখন পাতি আহিছে ৷

সম্প্ৰতি হিন্দু মুছলমানৰ ঐক্য প্ৰীতিৰ এই দুৰ্গা পূজাৰ শতবাৰ্ষিকী অনুষ্ঠানত মুছলমান লোকসকলেও দান দক্ষিণাৰ ফালেৰে যথেষ্ট বৰঙণি আগবঢ়োৱা বুলি জানিবলৈ দিয়ে উদ্যোক্তা সমিতিয়ে । শতবৰ্ষ অতিক্ৰম কৰা এইখন দুৰ্গা পূজাত হিন্দু মুছলমানৰ সম্প্ৰীতি ৰক্ষাৰে পূজা-অৰ্চনা কৰা হয় বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে ।

বুঢ়াদিয়া নৈৰ পাৰত অৱস্থিত এই সাহপুৰ ৰাজঘাটৰ দূৰ্গা পূজা এখন ঐতিহাসিক পূজা । এইবাৰ 104 সংখ্যক দুৰ্গা পূজাৰ বাবে প্ৰায় 93 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰিছে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে । অহা 15 অক্টোবৰৰ পৰা 24 অক্টোবৰলৈ দহদিনীয়া কাৰ্যসূচীৰে চলিব এইবাৰৰ দুৰ্গা পূজা । আনহাতে স্থায়ী প্ৰতিমাও অনা হৈছে পূজাস্থলীলৈ ।

ধৰ্মীয় দিশৰ সমান্তৰালভাৱে মনোৰঞ্জনৰ বাবেও বিভিন্ন অনুষ্ঠানৰ দিহা কৰা হৈছে বুলি জানিব দিয়ে উদ্যোক্তাসকলে । পূজাৰ সৈতে সংগতি ৰাখি সাহপুৰ ৰাজঘাটত প্ৰদৰ্শন কৰা হ’ব অসমৰ আগশাৰীৰ 5 খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ । ইপিনে এইবাৰ শতবৰ্ষিকী অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে আয়োজক সমিতিয়ে । লগতে উপস্থিত থাকিব প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালকে ধৰি অসম চৰকাৰৰ বহু মন্ত্ৰী বিধায়ক ।

লগতে পঢ়ক: Durga Puja 2023:শৰৎ অহাৰ লগে লগে ধৰালৈ নামিছে দেৱী দুৰ্গা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.