ETV Bharat / state

নলবাৰীত গোহালিসদৃশ পৰিবেশত দৰিদ্ৰ পৰিয়াল - মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বীৰেন ডেকা নামৰ লোকজনে পৰিয়ালৰ সৈতে বসবাস কৰে জৰাজীৰ্ণ ঘৰটোতে ৷ গোহালিসদৃশ পৰিবেশত জীৱন-নিৰ্বাহ কৰা পৰিয়ালটোৱে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ সুবিধা, নাপালে কোনোধৰণৰ চৰকাৰী সাহাৰ্য ৷ ইয়াৰ উপৰি পৰিয়ালটোৰ পাকঘৰ বুলিবলৈ আছে কেৱল এখন ফটা ত্ৰিপাল ৷ নাই কোনো বেৰ ,কাষতে আছে শৌচাগাৰ ৷

Poor families live in Cowshe's  environment at Nalbari
নলবাৰীত গোহালিসদৃশ পৰিবেশত বসবাস দৰিদ্ৰ পৰিয়ালৰ
author img

By

Published : Aug 10, 2020, 10:00 PM IST

নলবাৰী,10আগষ্টঃ উন্নয়নৰ কথা কৈ শাসনৰ গাদী দখল কৰিছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰে ৷ চাওঁতে চাওঁতে 5 বছৰীয়া কাৰ্যকালৰ অন্ত পৰিবৰ হ'ল বিজেপি মিত্ৰজোঁট চৰকাৰৰ ৷ কিন্তু এই 5 বছৰত প্ৰকৃততে কিমান হ'ল ৰাজ্যৰ উন্নয়ন ? কিমান দূৰ সফল হ'ল ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰাত ? নে কেৱল ভাষণত সীমাৱদ্ধ হৈ ৰ'ল উন্নয়ন ?

নলবাৰীত গোহালিসদৃশ পৰিবেশত বসবাস দৰিদ্ৰ পৰিয়ালৰ

পুনৰবাৰ পোহৰলৈ আহিছে উন্নয়নৰ ফুলজাৰি মৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰৰ উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ নলবাৰী সমষ্টিৰ খাতা গুৱাকুছি গাঁৱত দেখা পোৱা গ'ল এখন হৃদয়বিদাৰক ছবি ৷ যেন ঘৰ নহয়, এটা গোহালীহে ৷ বীৰেন ডেকা নামৰ লোকজনে পৰিয়ালৰ সৈতে বসবাস কৰে জৰাজীৰ্ণ ঘৰটোতে ৷ গোহালিসদৃশ পৰিবেশত জীৱন-নিৰ্বাহ কৰা পৰিয়ালটোৱে আজিকোপতি লাভ নকৰিলে কোনো চৰকাৰী আঁচনিৰ সুবিধা, নাপালে কোনোধৰণৰ চৰকাৰী সাহাৰ্য ৷ ইয়াৰ উপৰি পৰিয়ালটোৰ পাকঘৰ বুলিবলৈ আছে কেৱল এখন ফঁটা ত্ৰিপাল ৷ নাই কোনো বেৰ, কাষতে আছে শৌচাগাৰ ৷ যাৰ বাবে বৰষুণ দিলে ভোকে-লঘোণে পাৰ কৰে দম্পত্তিহালে ৷

ইফালে দিন হাজিৰা কৰি কোনোমতে জীৱন-নিৰ্বাহ কৰা পৰিয়ালটোৰ কৰুণ দৃশ্য দেখিও সহায়ৰ বাবে আগবাঢ়ি নাহিল স্থানীয় পঞ্চায়তৰ লগতে জনপ্ৰতিনিধি ৷ আনকি ধুমুহা বৰষুণৰ ফলত দুবাৰকৈ ঘৰ উৰুৱাই নিয়াৰ পিছতো পৰিয়ালটোৰ খবৰ ল'বলৈ আহৰি নহ'ল চৰকাৰী বৰমূৰীয়াৰ ৷ ইপিনে লকডাউনৰ বাৱে কৰ্মহীন হৈ পৰাত চিলিণ্ডাৰ বেছি পেটৰ ভোক আঁতৰাইছে পৰিয়ালটোৱে ৷ পৰিয়ালটোৰ অভিযোগ বিভিন্ন সময়ত ঘৰ বিচাৰি পঞ্চায়ত প্ৰতিনিধিক অৱগত কৰি আহিছে যদিও আজিলৈকে খৱৰ ল'বলৈ আহৰি নাই গাওঁ খনৰ পঞ্চায়ত প্ৰতিনিধিৰ । যাৰ বাবে এতিয়া আৰ্থিক ভাৱে জুৰুলা হৈ পৰা পৰিয়ালটোৱে স্থানীয় বিধায়কৰ পৰা বিচাৰিছে সহায়ৰ হাত।

প্ৰশ্ন হয়, পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ এইয়াই নেকি উন্নয়নৰ নমুনা ? সবকা সাথ সবকা বিকাশৰ উন্নয়নৰ মূলমন্ত্ৰ লোৱা চৰকাৰে পাহৰিলে নেকি নিৰ্বাচনী প্ৰতিশ্ৰুতি ? দৰিদ্ৰ এই পৰিয়ালটোক সহায়ৰ বাবে আগবাঢ়ি আহিবনে চৰকাৰৰ বৰমূৰীয়া ? সেইয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব ৷

লগতে পঢ়কঃসংখ্যালঘু ছাত্ৰ বৃত্তি কেলেংকাৰীৰ তদন্ত বিচাৰি কৃষক মুক্তিৰ অনশন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.