ETV Bharat / state

ছাত্ৰ-ছাত্ৰী অবিহনেই চলিছে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়

author img

By

Published : Mar 13, 2020, 9:16 PM IST

নলবাৰীত মাত্ৰ নামতহে চলিছে এখন বিদ্যালয় ৷ এটা কোঠাত চলিছে পাচটাকৈ শ্ৰেণী । নলবাৰীৰ গোপালথান প্ৰাথমিক বিদ্যালয় খনৰ নাই আন্তঃগাথনি ব্যৱস্থা ৷

নলবাৰী
নলবাৰীৰ বিদ্যালয়ৰ দু্ৰ্দশা, নাই এজনো ছাত্ৰ-ছাত্ৰী

লবাৰী, 13 মাৰ্চঃ ৰাজ্যৰ শিক্ষা ব্যৱস্থাৰ আমোল পৰিবৰ্তনৰ কথা শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰি থাকিলেও কিদৰে চলিছে বিদ্যালয়সমূহ সেয়া এক ডাঙৰ প্ৰশ্ন । ১৯৯৪ চনতে স্থাপন হোৱা নলবাৰীৰ গোপালথান প্ৰাথমিক বিদ্যালয় খনৰ নাই আন্তঃগাথনিৰ ব্যৱস্থা ৷ মাত্ৰ নামতহে চলিছে বিদ্যালয় খন । এটা কোঠাত চলিছে পাচটাকৈ শ্ৰেণীৰ পাঠদান । শ্ৰেণীকোঠাৰ ভিতৰৰ পৰা দেখা পায় ৰাস্তা ঘাট । নাই এখন ব্লেকবৰ্ড ৷ আছে কেৱল এখন ডেস্ক বেঞ্চ । কিন্তু বহিবলৈ নাই এজনো ছাত্ৰ-ছাত্ৰী ।

আনহাতে, বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ছাত্ৰ-ছাত্ৰী কিয় উপস্থিত নাই বুলি কৰা প্ৰশ্নৰ উত্তৰত কয়, আজি বিয়া সেইবাবে এজনো ছাত্র-ছাত্ৰী নাই । সহকাৰী শিক্ষক গৰাকীও নাই । মাত্ৰ তিনিজন ছাত্র ছাত্ৰী থকাৰ কথা কোৱা প্ৰধান শিক্ষক নজৰুল ইছলামে নিজেই কলে আজি বিয়া উপস্থিত নাই কোনো ছাত্ৰ-ছাত্ৰী ।

আচলতে বিদ্যালয় খনত কেইগৰাকী ছাত্র ছাত্ৰী আছে সেয়াও চিন্তনীয় । ২০১৩ চনতে প্ৰাদেশিকৰণ হোৱা এই বিদ্যালয়খনৰ কিয় এনে শোচনীয় অৱস্থা তাক লৈ চিন্তিত স্থানীয় ৰাইজ ৷ বিদ্যালয়খনত কেতিয়া চৰকাৰৰ দৃষ্টি পৰিৱ তাক লৈ প্ৰশ্ন বিভিন্নজনৰ । মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজকে দম্ভালি মাৰি আমোল পৰিৱৰ্তনৰ কথা কোৱা বিদ্যালয়সমূহত কেতিয়াবা ভাল দিনৰ সূচনা হ'বনে । আনহাতে, জিলাখনৰ কেইবাখনো বিদ্যালয় ছাএ-ছাত্ৰীৰ অভাৱত মৃতপ্ৰায় অৱস্থাত ৷

আৰু পঢ়কঃবিশ্ব টোপনি দিৱসঃ পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.