ETV Bharat / state

নলবাৰীৰ এহাল ৰুগীয়া দম্পতিৰ কৰুণ অৱস্থা

author img

By

Published : May 20, 2020, 8:17 PM IST

জহি খহি যোৱা ঘৰতে জীৱন সংগ্ৰাম চলাইছে এই দম্পতি হালে ৷ সাধাৰণ এখন পাণ তামোলৰ দোকান দি কোনোমতে পৰিয়ালটো চলি আহিছিল যদিও পত্নী ৰেণু দেৱী স্নাযু ৰোগত আক্ৰান্ত হোৱাত ঘৰখনলৈ নামি আহে কাল ধুমুহা ৷

Pethetic condition of old couple in Nalbari
নলবাৰীৰ এহাল ৰুগীয়া দম্পতিৰ কৰুণ অৱস্থা

নলবাৰী, 20 মে': নলবাৰী জিলাৰ বৰভাগৰ আঠঘৰীয়াত এহাল নিসন্তান পতি পত্নীৰ কৰুণ জীৱন গাথা ৷ জহি খহি যোৱা ঘৰতে জীৱন সংগ্ৰাম চলাইছে এই দম্পতি হালে ৷ সাধাৰণ এখন পাণ তামোলৰ দোকান দি কোনোমতে পৰিয়ালটো চলি আহিছিল যদিও পত্নী ৰেণু দেৱী স্নাযু ৰোগত আক্ৰান্ত হোৱাত ঘৰখনলৈ নামি আহে কাল ধুমুহা ৷ পত্নীৰ চিকিৎসাৰ বাবে সা-সম্পত্তি বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈ পৰিছে প্ৰফুল্ল শৰ্মা নামৰ ব্যক্তি জন ৷

উল্লেখ্য যে, চৰকাৰী কোনো অভিলাষী আচনিয়ে ঢুকি পোৱা নাই পৰিয়ালটোক ৷ এক অবৰ্ণনীয় পৰিৱেশৰ মাজত থকা পৰিয়ালটোৰ অৱস্থাৰ বুজ লোৱাৰ উদ্দেশ্যে মঙলবাৰে পৰিয়ালটোত উপস্থিত হয় নলবাৰী জিলা ছাত্ৰ সন্থাৰ এটি দল ৷ পৰিয়ালটোৰ ক্ষেত্ৰত অতি শীঘ্ৰেই উচিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নলবাৰী জিলা ছাত্ৰ সন্থাৰ লগতে স্থানীয় ৰাইজে ৷

লগতে পঢ়কঃ কণিষ্ঠ চিকিৎসকৰ ফেচবুক পোষ্টৰ প্ৰতিক্ৰিয়া আয়ুৰ্বেদিক মহাবিদ্যালয় কৰ্তৃপক্ষৰ

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.