ETV Bharat / state

লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত নলবাৰীৰ দুই ষ্ট্ৰবেৰী খেতিয়ক - Lock Down Assam

নলবাৰীৰ বেলশৰৰ দুই যুৱক কমল ঠাকুৰীয়া আৰু সতীশ বৰ্মনে প্ৰায় দুই বিঘা মাটিত ষ্ট্ৰবেৰীৰ খেতি কৰিছিল ৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে প্লাষ্টিক চিট আৰু ষ্ট্ৰবেৰীৰ পুলিখিনি তেওঁলোকে লাভ কৰে যদিও খেতিত প্ৰায় 70 হাজাৰ টকা খৰচ হয় কৃষকদ্বয়ৰ ৷ কিন্তু হঠাৎ কৰ’ণা সংক্ৰমণ বদ্ধি পোৱাৰ বাবে ঘোষণা কৰা লক ডাউনৰ বাবে বজাৰৰ অভাবত ভূগিছে দুয়োগৰাকী কৃষক ৷

Nalbari Strawberry farmer loss
লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত নলবাৰীৰ দুই ষ্ট্ৰবেৰী খেতিয়ক
author img

By

Published : Apr 26, 2020, 5:28 PM IST

নলবাৰী,26 এপ্ৰিলঃ লক ডাউনৰ বাবে ব্যাপক লোকচানৰ সন্মুখীন হৈছে ৰাজ্যৰ কৃষকসকল ৷ শাক-পাচলিৰ লগতে ফল-মূল বিক্ৰীৰ বাবে উপযুক্ত বজাৰৰ অভাৱত খেতি পথাৰতে নষ্ট হৈছে শস্য ৷ নলবাৰীৰ বেলশৰৰ দুই যুৱক কমল ঠাকুৰীয়া আৰু সতীশ বৰ্মনেও প্ৰায় দুই বিঘা মাটিত ষ্ট্ৰবেৰীৰ খেতি কৰিছিল ৷ ৰাজ্য চৰকাৰৰ কৃষি বিভাগৰ জৰিয়তে প্লাষ্টিক চিড আৰু ষ্ট্ৰবেৰীৰ পুলিখিনি তেওঁলোকে লাভ কৰে যদিও খেতিত প্ৰায় 70 হাজাৰ টকা খৰচ হয় কৃষকদ্বয়ৰ ৷ কিন্তু হঠাৎ কৰ’ণা সংক্ৰমণ বদ্ধি পোৱাৰ বাবে দেশজুৰি ঘোষণা কৰা লক ডাউনৰ বাবে বজাৰৰ অভাৱত ভুগিছে দুয়োগৰাকী কৃষক ৷

লক ডাউনৰ বাবে ক্ষতিগ্ৰস্ত নলবাৰীৰ দুই ষ্ট্ৰবেৰী খেতিয়ক

উল্লেখ্য যে, বিগত প্ৰায় বিশ দিন পূৰ্বৰে পৰা তেওঁলোকে নিতৌ প্ৰায় ২৫-৩০ কেজি ষ্ট্ৰবেৰী বিক্ৰী কৰিব পৰাকৈ উৎপাদন হৈছে যদিও একমাত্ৰ বজাৰৰ অভাৱতে তেওঁলোকে এতিয়া মূৰে কপালে হাত দিব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে । পূৰ্বে তেওঁলোকৰ দ্বাৰা উৎপাদিত ষ্ট্ৰবেৰী ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিক্ৰী হৈছিল যদিও এইবেলি বজাৰৰ অভাৱত খেতিপথাৰতে নিতৌ বিনষ্ট হৈছে বুজন পৰিমাণৰ পকা ষ্ট্ৰবেৰী । ফলত আৰ্থিভাৱে ক্ষতিগ্ৰস্ত হৈছে দুয়োগৰাকী কৃষক ৷ ক্ষতিগ্ৰস্ত কৃষক দুগৰাকীয়ে চৰকাৰৰ সংশ্লিষ্ট বিভাগৰ পৰা এই ক্ষেত্ৰত কিছু আৰ্থিক সাহাৰ্য লাভ কৰিলে নবীন কৃষকসকলে অনুপ্ৰেৰণা লাভ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে ।

লগতে পঢ়ক-জোনাইত সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ মাস্ক বিতৰণ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.