নলবাৰী,28 মে’: সমগ্ৰ ৰাজ্যত তীব্ৰতৰ হৈছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান ৷ ৰাজ্যৰ সকলো প্ৰান্তৰ লগতে নলবাৰীতো আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷ এনে সময়তে নলবাৰী আৰক্ষীয়ে এটাৰ পিছত ড্ৰাগছৰ ঘাটি উৎখাত কৰাৰ লগতে বহু কেইবাটাও ড্ৰাগছ সৰবৰহকাৰীক আটক কৰিবলৈ সক্ষম হৈছে ।
শুকুৰবাৰে, নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত শিঙিমাৰীত বেলশৰ ,নলবাৰী আৰু ঘগ্ৰাপাৰ থানাৰ এক যুটীয়া অভিযানত আৰক্ষীয়ে দুই ড্ৰাগছ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম হয় ৷
জানিব পৰা মতে, এই ব্যৱসায়ী দুজন শিঙিমাৰী গাঁৱৰ স্বামী-স্ত্ৰী ক্ৰমে পুলক বৰ্মন আৰু দুলু বৰ্মন ৷ উল্লেখযোগ্য যে, দীৰ্ঘদিনৰ পৰা দুয়ো ড্ৰাগছৰ গোপন ব্যৱসায়ৰ সৈতে জড়িত হোৱাৰ অভিযোগ আছে ৷ বৰ্তমান নলবাৰী আৰক্ষী থানত দুয়োৰে জেৰা অব্যাহত আছে ।
লগতে পঢ়ক :ক'ভিড নিয়ন্ত্ৰণৰ বাবে মঙলদৈত সষ্টম আৰক্ষী প্ৰশাসন