ETV Bharat / state

৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা...

এগৰাকী প্ৰভাৱশালী মন্ত্ৰীৰ সমষ্টিৰে হৈও অৱহেলিত শিল্পী গৰাকী । ৯১ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে শিল্পী পেঞ্চন নাপালে নলবাৰী জিলাৰ ককয়া গাওঁৰ ঢকুৱা বন্ধা চুবুৰীৰ উমেশ চন্দ্ৰ ভাগৱতী নামৰ এই গৰাকী শিল্পীয়ে ৷

author img

By

Published : Sep 28, 2019, 9:35 PM IST

৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা...

নলবাৰী, 28 ছেপ্টেম্বৰ: নলবাৰীৰ এগৰাকী বৰ্ষীয়ান শিল্পী ৷ শিল্পী মানে একেবাৰে মাটিৰ শিল্পী তেওঁ ৷ বয়সে হাৰ মনাব নোৱাৰা শিল্পী গৰাকীয়ে এতিয়াও নিজৰ চাইকেল খনৰে হাট-বজাৰ কৰে ৷ প্ৰথমে মৃণ্ময় শিল্পী ৷ তাৰ পিছত পৰ্যায়ক্ৰমে নাগাৰা নামৰ শিল্পী আনকি এসময়ত ওজাপালিৰ শিল্পীও আছিল তেওঁ ৷ পিছে ৯১ বছৰ অতিক্ৰম কৰাৰ পিছতো আজিলৈকে শিল্পী পেঞ্চন নাপালে নলবাৰী জিলাৰ ককয়া গাওঁৰ ঢকুৱা বন্ধা চুবুৰীৰ উমেশ চন্দ্ৰ ভাগৱতী নামৰ এই গৰাকী শিল্পীয়ে ৷

NALBARI OLD ARTIST PATHETIC STORY
৯০ উৰ্ধৰ এগৰাকী শিল্পীৰ বেদনা...
মনত এতিয়াও অদম্য শক্তি আছে যদিও নিয়তিৰ ওচৰত যেন এতিয়া হাৰ মানিছে শিল্পী উমেশ চন্দ্ৰ ভাগৱতীৰ শৰীৰে ৷ আগৰ দৰে তেওঁ এতিয়া যাব নোৱাৰে দেৱী প্ৰতিমা সাজিবলৈ ! নোৱাৰে,নাগাৰা নাম তথা ওজাপালি গাবলৈ ৷ সেয়ে অতীতৰ স্মৃতিক ৰোমণ্ঠন কৰি ঘৰতে থকাৰ বাহিৰে আন একোৱে যে উপায় নাই শিল্পী গৰাকীৰ ৷
NALBARI OLD ARTIST PATHETIC STORY
৯০ উৰ্ধৰ এগৰাকী শিল্পী
উল্লেখ্য যে ৰাজ্যৰ প্ৰভাৱশালী মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ সমষ্টিৰে হৈও আজিও শিল্পী পেন্সন নাপালে এই গৰাকী শিল্পীয়ে ৷ পেন্সনটো দূৰৰে কথা মন্ত্ৰী গৰাকীৰ ওচৰত বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো আজিলৈকে প্ৰাপ্য সন্মানখিনিও নাপালে শিল্পী উমেশ চন্দ্ৰ ভাগৱতীয়ে ৷ আধ্যাত্মিকতাক বিশ্বাস কৰা শিল্পী গৰাকীৰ ঘৰৰ পৰা বিগত 17/ 18 বছৰে দূৰ্গা পূজাত দেৱী সজাবলৈ বিল্বেশ্বৰ দেৱালয়ৰ পৰা নিবলৈ আহে ৰাম কল গছৰ পুলি ৷ শিল্পী গৰাকীয়ে নিজ হাতে কলপুলি ধুই-পখালি কাপোৰ পিন্ধাই দেৱী সজাই বিল্বেশ্বৰ দেৱালয়লৈ আগবঢ়াই দিয়ে দেৱীক ৷ বিভিন্ন জনৰ পৰা মান পত্ৰ অথবা সম্বৰ্ধনা পাইছে যদিও চৰকাৰীভাৱে আজিও অৱহেলিত শিল্পীগৰাকী ৷

Intro:৯০ উৰ্ধৰ এগৰাকী শিল্পী।
বিল্বেশ্বৰ দেৱালয়ৰ লগত কি সম্পৰ্ক এই গৰাকী শিল্পীৰ ।

এক প্ৰতিবেদন।Body:এগৰাকী ৯১ বছৰীয়া শিল্পী৷শিল্পী মানে একেবাৰে মাটিৰ শিল্পী এওঁ৷বয়সে হাৰ মনাব নোৱাৰা শিল্পী গৰাকীয়ে এতিয়াও নিজৰ চাইকেল খনৰে কৰে হাত-বজাৰ৷প্ৰথমে মৃণ্ময় শিল্পী৷তাৰ পিছত পৰ্যায়ক্ৰমে নাগাৰা নামৰ শিল্পী(পাঠক) আনকি এসময়ত ওজাপালিৰ শিল্পীও আছিল এওঁ৷পিছে ৯১ বছৰ অতিক্ৰম কৰাৰ পিছতো এইগৰাকী শিল্পীয়ে আজিলৈকে নাপালে শিল্পী পেঞ্চন৷এওঁৰ নাম উমেশ চন্দ্ৰ ভাগৱতী৷ঘৰ--নলবাৰী জিলাৰ ককয়া গাওঁৰ ঢকুৱা বন্ধা চুবুৰী৷পিছে এতিয়া শিল্পীগৰাকী নিৰুপায়৷বয়সৰ চাপে বেৰিছে তেওঁক৷আগৰ দৰে যাব নোৱাৰে দেৱী প্ৰতিমা সাজিবলৈ৷নোৱাৰে নাগাৰা নাম তথা ওজাপালি গাবলৈ৷সেয়ে অতীত স্মৃতিকে ৰোমণ্ঠন কৰি ঘৰত থকাৰ বাহিৰে আন একোৱে যে উপায় নাই এওঁৰ৷মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ গৃহ সমষ্টিত শিল্পীৰ এয়া পুতৌ লগা অৱস্থা৷মন্ত্ৰী গৰাকীয়ে শিল্পী গৰাকীৰ খবৰ লোৱাটো দূৰৰে কথা৷খোদ শিল্পী গৰাকীয়ে বহুবাৰ মন্ত্ৰীৰ ওচৰত আবেদন কৰাৰ পিছতো আজিলৈকে নাপালে সামান্য সন্মানখিনিও৷এয়াই আমাৰ সমাজত বৰ্তমান শিল্পীৰ মৰ্যাদা৷উল্লেখযোগ্য যে আধ্যাত্মিকতাক বিশ্বাস কৰা শিল্পী গৰাকীৰ ঘৰৰ পৰা বিগত ১৭/১৮ বছৰে দূৰ্গা পূজাত দেৱী সজাবলৈ বিল্বেশ্বৰ দেৱালয়ে নিবলৈ আহে ৰাম কল গছৰ পুলি৷শিল্পী গৰাকীয়ে নিজ হাতে কলপুলি টো ধুই-পোখালি কাপোৰ পিন্ধাই দেৱী সজাই বিল্বেশ্বৰ দেৱালয়লৈ আগবঢ়াই দিয়ে দেৱীক৷বিভিন্ন জনৰ পৰা মান পত্ৰ অথবা সম্বৰ্ধনা পাইছে যদিও চৰকাৰীভাৱে আজিও অৱহেলিত শিল্পীগৰাকী৷Conclusion:নলবাৰীৰ পৰা কৈলাস ডেকা।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.