নলবাৰী , ৯ জানুৱাৰী : নৱগঠিত আঞ্চলিক ৰাজনৈতিক দল "অসম জাতীয় পৰিষদ"ৰ শনিবাৰে নলবাৰী জিলাৰ মধ্য বাঁহজানী অঞ্চলত বিশাল সভাৰ আয়োজন কৰা হয় । সভাত দলটোৰ ৯নং মধ্য বাঁহজানী আঞ্চলিক সমিতি গঠন কৰাৰ লগতে দলটোত যোগদান কৰে শতাধিক লোকে । সভাত সভাপতিত্ব কৰে বিশিষ্ট সমাজকৰ্মী হৰিমল ডেকাই ।
সভাত বিজেপি, অগপ আৰু কংগ্ৰেছৰ পৰা অহা শতাধিক লোকে "অসম জাতীয় পৰিষদ"ত যোগদান কৰে । সভাত "অসম জাতীয় পৰিষদ"ৰ কেন্দ্ৰীয় সম্পাদক অমল ডেকাই দুৰ্নীতি পৰায়ণ, সাম্প্ৰদায়িক, নিবনুৱা বিৰোধী, কৃষক বিৰোধী বিজেপি নেতৃত্বাধীন চৰকাৰখনক ২০২১ চনৰ নিৰ্বাচনত দিশপুৰৰ পৰা আতৰ নকৰিলে অসমীয়া জাতিৰ সম্মুখত ভয়ানক বিপদ অনিবাৰ্য বুলি মন্তব্য় কৰে | লগতে তেওঁ কয় যে অগপ দলটোৱে অসমীয়া জাতিক চৰম প্ৰতাৰণা আৰু বিশ্বাসঘাতকতা কৰিছে ।
সভাত "অসম জাতীয় পৰিষদ"ৰ নলবাৰী জিলা সমিতিৰ মুখ্য আহ্বায়ক নগেন ডেকাই বিজেপি নেতৃত্বাধীন চৰকাৰখনক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে হিন্দু, মুছলমানৰ পৰিৱৰ্তে অসমবাসীয়ে অসমীয়া হৈ জীয়াই থাকিব বিচাৰে । আনহাতে তেওঁ ভাষনত সাম্প্ৰদায়িকতাৰ বিৰুদ্ধে জনসাধাৰণক মাৰ বান্ধি থিয় হ'বলৈ আহ্বান জনায় ।
উক্ত সভাত নলবাৰী জিলা আহ্বায়ক অৰ্জুন তালুকদাৰ, দীপক ডেকা, সমষ্টি আহ্বায়ক গিৰীন শৰ্মা, আচুল হক চৌধুৰী, ফনীধৰ ডেকা আৰু লক্ষী দৈমাৰীৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তিও উপস্থিত থাকে ।
লগতে পঢ়ক :বিহপুৰীয়া সমষ্টিটো অগপক এৰি দিয়াৰ আহ্বান প্ৰাক্তন বিধায়ক কেশৰাম বৰাৰ