ETV Bharat / state

নিকুঞ্জ পাঠকলৈ ২০২২ বৰ্ষৰ মোহন ভাইৰা বঁটা

author img

By

Published : Jan 30, 2022, 12:53 PM IST

সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভাই 2009 চনৰ পৰা মোহন ভাইৰা বঁটা প্ৰদান কৰি আহিছে (Mohan Bhaira award)৷ সংগীত নাটক অকাডেমী বঁটা বিজয়ী শিল্পী মোহন চন্দ্ৰ বৰ্মন তথা মোহন ভাৱৰীয়া তথা মোহন ভাইৰাৰ মৃত্যুবাৰ্ষিকী উপলক্ষে প্ৰতিবছৰে ১ ফেব্ৰুৱাৰীত এই বঁটা প্ৰদান কৰা হয় । লোক সংস্কৃতিৰ জগতত অসামান্য অৱদান আগবঢ়োৱা তথা গ্ৰাম্যাঞ্চলৰ লোকশিল্পীক এই বঁটাৰ বাবে মনোনীত কৰা হয় ৷

Mohan Bhaira Memorial Award 2022 presented to Nikunj Pathak
নিকুঞ্জ পাঠকলৈ ২০২২ বৰ্ষৰ মোহন ভাইৰা বঁটা

নলবাৰী, 30 জানুৱাৰী : সদৌ অসম ছাত্ৰ সন্থাৰ নলবাৰী শাখা আৰু নলবাৰী জিলা উন্নতি সভায়ে প্ৰদান কৰা মোহন ভাইৰা ২০২২(Mohan Bhaira Memorial Award 2022)ৰ বঁটা প্ৰাপকৰ নাম শনিবাৰে ঘোষণা কৰা হয় ৷ চলিত বৰ্ষত নিকুঞ্জ পাঠকলৈ(Mohan Bhaira Award to Nikunj Pathak) আগবঢ়োৱা হৈছে এই বঁটা ।

নলবাৰী শ্বহীদ ভৱনত এক সংবাদমেলযোগে এই কথা ঘোষণা কৰে সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিৎ বেজবৰুৱা, কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ, জিলা ছাত্ৰ সন্থাৰ সভাপতি গুণজ্যোতি পাঠক, সম্পাদক অক্ষয় ডেকা আৰু নলবাৰী জিলা উন্নতি সভাৰ সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই ৷ উক্ত বঁটাৰ লগত থাকিব নগদ ধন, এখন স্মাৰক, ফুলাম জাপি, ফুলাম গামোছা, মানপত্ৰ আৰু চেলেং ৷

সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা

নলবাৰী জিলা ছাত্ৰ সন্থা আৰু নলবাৰী জিলা উন্নতি সভাই থলুৱা কলা-সংস্কৃতি সাধনাৰে অসমৰ সংস্কৃতিৰ বৰঘৰ চহকী কৰা বিশিষ্ট শিল্পীক সন্মান প্ৰদান কৰাৰ বাবে ২০০৯ চনৰ পৰা এই বঁটা প্ৰদান কৰি আহিছে ৷ এইবেলি অৰ্থাৎ ২০২২ বৰ্ষৰ মোহন ভাইৰা স্মাৰক বঁটা সন্মান প্ৰদান কৰা হ’ব বিশিষ্ট বাঁহী আৰু চেহনাই বাদক তথা লোক সংস্কৃতিৰ সাধক কামৰূপ জিলাৰ শুৱালকুছিৰ নিকুঞ্জ পাঠকক ।

সৰুৰে পৰা বাঁহী আৰু চেহনাইৰ প্ৰতি আগ্ৰহী নিকুঞ্জ পাঠকক ১ ফেব্ৰুবাৰীত নলবাৰীৰ শ্বহীদ ভৱন বাকৰিত আয়োজিত এক অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দিপাংক কুমাৰ নাথে এই বঁটা প্ৰদান কৰিব ৷ শিল্পীৰ নিকুঞ্জ পাঠকৰ ঘৰ বস্ত্ৰ নগৰী শুৱালকুছিত । ১৯৫৭ চনৰ ২৫ জানুৱাৰীত জন্মগ্ৰহণ কৰা পাঠকৰ পিতৃ প্ৰয়াত হংস পাঠক আৰু মাতৃ হৰিপ্ৰিয়া পাঠক । নিকুঞ্জ পাঠকে বিশিষ্ট বাঁহীবাদক প্ৰভাত শৰ্মাৰ সান্নিধ্যত বাঁহীবাদনৰ চৰ্চা কৰিছিল ৷

১৯৬৬ চনৰ পৰা পেচাগতভাৱে বাঁহীবাদনেৰে শিল্প সাধনাত ব্ৰতী হোৱা নিকুঞ্জ পাঠকে সুৰ শিখা ক্লাৱ, বীণাপাণি নাট্য পৰিষদ, তৰুণ সংঘ পুথিভঁৰাল আদিত বাঁহীবাদন কৰাৰ উপৰি নটৰাজ থিয়েটাৰ, অসম ষ্টাৰ থিয়েটাৰ, মুকুন্দ থিয়েটাৰ, অপৰূপা থিয়েটাৰ, সম্ৰাট থিয়েটাৰতো বাঁহী বাদন কৰিছিল । তেওঁ ২০১৮ চনত সদৌ অসম ছাত্ৰ সন্থাৰ জোনাই সাধাৰণ সভাৰ লগতে অসম সাহিত্য সভাৰ শুৱালকুছি, ৰঙিয়া, মৰিগাঁও, বৰপেটা ৰোড, ডিফু অধিৱেশনত অনুষ্ঠান পৰিৱেশন কৰিছিল ।

নিকুঞ্জ পাঠকে অল ইণ্ডিয়া ৰেডিঅ’ৰ গুৱাহাটী কেন্দ্ৰ, দূৰদৰ্শন কেন্দ্ৰ গুৱাহাটী, কলকাতা, কোচবিহাৰ, মেঘালয়, নাগালেণ্ড, ত্ৰিপুৰা, ৰাজস্থানৰ যোধপুৰ, কটক, চেন্নাই, দিল্লী আদিত বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠানত বাঁহীবাদন কৰি সমাদৰ লাভ কৰিছিল ।

তেওঁ বাংলাদেশত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ অনুষ্ঠিত অনুষ্ঠানত বাঁহীবাদন কৰিছিল । প্ৰতিমা পাণ্ডে বৰুৱা, ৰহিমা কলিতা বেগম, বিদ্যাসাগৰ, অনিমা চৌধুৰী, কুল বৰুৱা, ৰামেশ্বৰ পাঠক, ধনদা পাঠক, প্ৰণীতা বৈশ্য মেধি, মালবিকা বৰা, বসন্ত পাটগিৰি, মিহিৰ বৰদলৈ, ৰিদিপ দত্ত, অপূৰ্ব বেজবৰুৱা, মীৰা বৰঠাকুৰ, নীলিমা খাটুন, অনিমা ভট্টাচাৰ্য, পুষ্পা ভূঞা আদি জনপ্ৰিয় শিল্পীৰ সৈতেও বাঁহীবাদন কৰিছিল নিকুঞ্জ পাঠকে ।

উল্লেখ্য যে, নলবাৰী জিলা আছু আৰু উন্নতি সভাই ২০০৯ চনত প্ৰথমবাৰলৈ পুণ্য প্ৰভা দত্ত তামুলীক এই বঁটা প্ৰদান কৰিছিল ৷ ইয়াৰ পাছত ক্ৰমে ২০১০ চনত সীতাৰাম ৰায়, ২০১১ চনত মুকুতাৰাম বৰুৱা ওজা, ২০১২ চনত মাণিক শইকীয়া ওজা , ২০১৩ চনত ৰূহীন ৰাভা, ২০১৪ চনত দ্বীজেন গগৈক এই বঁটা প্ৰদান কৰা হৈছিল ৷

২০১৫ চনত প্ৰভাত শৰ্মা, ২০১৬ চনত হৰি বৰবায়ন, ২০১৭ চনত ৰামচৰণ ভৰালী , ২০১৮ চনত লোকনাথ কুটুমক এই বঁটা প্ৰদান কৰে ৷ অৱশ্যে ২০‍১৯ চনত কা আন্দোলন আৰু ২০২০ ক’ভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত এই বঁটা প্ৰদান কৰিব পৰা নগ’ল ৷ ২০২১ চনত হৰেকৃষ্ণ তালুকদাৰক এই বঁটা প্ৰদান কৰা হয় ।

লগতে পঢ়ক : New Vice Chancellor of DU: ড৹ জিতেন হাজৰিকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নতুন উপাচার্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.