ETV Bharat / state

Mission Indradhanush: নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন

author img

By

Published : Aug 6, 2023, 12:39 PM IST

মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন উপলক্ষে নলবাৰী জিলা অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত সংবাদমেল । মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন কৰে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক জীতেন শৰ্মাই । ইয়াৰ পাছতে মিছন ইন্দ্ৰধনুষ সম্পৰ্কে দিহা পৰামৰ্শ বিচাৰি এক আলোচনাত মিলিত হয় সাংবাদিকসকলৰ সৈতে ।

Mission Indradhanush unveiled in Nalbari
নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন
নলবাৰীত মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন

নলবাৰী,৬ আগষ্ট: নলবাৰীত টীকাকৰণৰ পৰা বাদ পৰি যোৱা শিশুসকলক সম্পূৰ্ণ টীকাকৰণ কৰাৰ উদ্দেশ্যেৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে নতুন অভিযান মিছন ইন্দ্ৰধনুষ ৫.০ । শনিবাৰে নলবাৰী জিলা অতিৰিক্ত মুখ্য চিকিৎসা তথা স্বাস্থ্য বিষয়াৰ কাৰ্যালয়ত মিছন ইন্দ্ৰধনুষ ৫.০ ৰ উন্মোচন কৰা হয় ।

মিছন ইন্দ্ৰধনুষ ৫.০ উন্মোচন কৰে নলবাৰীৰ জ্যেষ্ঠ সাংবাদিক জীতেন শৰ্মাই । উক্ত অনুষ্ঠানতে জিলা স্বাস্থ্য বিষয়াসকলে এক সংবাদমেলৰ আয়োজন কৰাৰ লগতে সাংবাদিকৰ সৈতে মিছন ইন্দ্ৰধনুষ সম্পৰ্কে দিহা পৰামৰ্শ বিচাৰি এক আলোচনাত মিলিত হয় । নলবাৰী জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ কামেশ্বৰ লহকৰে আঁত ধৰা সংবাদমেলখনত মিছন ইন্দ্ৰধনুষ সম্পৰ্কে বিৱৰণ প্ৰদান কৰে জিলা ইমিজেচন বিষয়া ডাঃ হেমন্ত দাসে ।

শূণ্যৰ পৰা ২ বছৰৰ ভিতৰৰ যিবোৰ শিশুৱে নিয়মীয়া টীকাকৰণৰ পৰা বিভিন্ন কাৰণত বঞ্চিত হৈ আছিল সেইসমূহ শিশুক উক্ত সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ জৰিয়তে টীকাকৰণ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে । জিলাখনৰ চৰাঞ্চল, গ্ৰামাঞ্চলৰ পিছপৰা লোকসকলক মিছন ইন্দ্ৰধনুষৰ জৰিয়তে উপকৃত কৰাৰ লক্ষ্যৰে মিছন ইন্দ্ৰধনুষ ৫.০ ক ৰাইজৰ মাজলৈ নিবলৈ সংবাদমেলযোগে এই বাৰ্তা প্ৰেৰণ কৰে জিলা স্বাস্থ্য বিষয়াসকলে ।

উল্লেখ্য যে, টীকাকৰণ নকৰাৰ ফলত বহুতো শিশুৰ দেহত বিভিন্ন ৰোগে আক্ৰমণ কৰি শিশুটিক মৃত্যুৰ মুখলৈ নিব পাৰে বুলি স্বাস্থ্য বিষয়াসকলে জানিবলৈ দিয়ে । যাৰ বাবে শিশুৰ শাৰিৰীক সুৰক্ষাৰ প্ৰতি মনোনীত হৈ চৰকাৰৰ এই সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ জৰিয়তে বাদ পৰি থকা শিশু সকলক টীকাকৰণ কৰিবলৈ আগবাঢ়িছে স্বাস্থ্য বিভাগ তথা স্বাস্থ্য বিষয়াসকলে । ইয়াৰ পিছতে উক্ত মিছন ইন্দ্ৰধনুষ ৫.০ সম্পৰ্কৈ ৰাইজৰ মাজলৈ কিদৰে নি উপকৃত হব তাৰ এক দিহা পৰামৰ্শ বিছাৰি নলবাৰী জিলাৰ বিভিন্ন সাংবাদিকৰে এখন আলোচনা সম্পন্ন হয় ।

লগতে পঢ়ক: ABVP Press Meet: অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ সদস্য ভৰ্তি অভিযান, লক্ষ্য 1 লাখ 65 হাজাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.