নলবাৰী, 25 জানুৱাৰী: গণৰাজ্য দিৱসত ছাত্ৰ-ছাত্ৰী সকলৰ পেৰেডত অংশ গ্ৰহণ বাতিল কৰি এইবাৰ অনুষ্টুপীয়াকৈ গণৰাজ্য দিৱস পালনৰ কথা ক’লে অসম চৰকাৰৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই (Keshab Mahanta on Republic day celebration) ৷ পূৰ্বৰ তুলনাত ক’ৰণা মহামাৰীৰ ভয়াৱহতা কমিছে যদিও সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখিয়েই চৰকাৰে এই সিদ্ধান্ত লৈছে বুলি জানিবলৈ দিয়ে মন্ত্ৰীজনে ৷
পৰিস্থিতি কিছু পৰিমাণে নিয়ন্ত্ৰণলৈ আহিলেই পুনৰ বিদ্যালয়-মহাবিদ্যালয় খোলাৰ কথা ব্যক্ত কৰিলে কেশৱ মহন্তই ৷ ক’ৰণাৰ সংক্ৰমণৰ দিশলৈ চাই তেওঁ লগতে কয় যে 1 তাৰিখৰ পৰা হয়তো নীতি-নিয়মৰ ক্ষেত্ৰত কিছু শিথিলতা আহিব ৷
নলবাৰীৰ গণেশ মন্দিৰৰ সমীপৰ খুদিয়াৰ মা মহাকালী আশ্ৰমত সোমবাৰে নিশা এখন বিয়াঘৰত উপস্থিত হয় মন্ত্ৰী গৰাকী । চৰকাৰী নিয়মত হে গণৰাজ্য দিৱস পালনৰ কথা ব্যক্ত কৰি দৰ্শকৰ ক্ষেত্ৰতো নিয়ন্ত্ৰণৰ ব্যৱস্থা কৰা হ’ব বুলি সদৰি কৰে কেশৱ মহন্তই (Keshab Mahanta statement on Republic day) ।
লগতে পঢ়ক: লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদক পুনৰ প্ৰত্যাখ্যান নাহৰকটীয়াত