ETV Bharat / state

স্থানীয় ৰে'ল চলাচলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - জিলা উপায়ুক্ত

নলবাৰীত যুৱ ছাত্ৰ পৰিষদে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্থানীয় ৰে'ল চলাচল কৰাৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে ৷

massive-protest-in-assam-nalbari
স্থানীয় ৰে'ল চলাচলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Dec 7, 2020, 6:42 PM IST

নলবাৰী, 7 ডিচেম্বৰ : নলবাৰীত সোমবাৰে যুৱ ছাত্ৰ পৰিষদে এক অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷ স্থানীয় ৰে'ল চলাচল আৰম্ভ কৰাৰ দাবীত নলবাৰী ৰে'ল ষ্টেচনত যুৱ ছাত্ৰ পৰিষদে অৱস্থান ধৰ্মঘটৰ কাৰ্যসূচী ৰূপায়ন কৰে ৷

স্থানীয় ৰে'ল চলাচলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

প্ৰতিবাদকাৰীৰ অভিযোগ অনুসৰি, কৰ'ণা ভাইৰাছৰ ভয়াৱহ পৰিস্থিতিৰ বাবে বিমান সেৱা, ৰেল সেৱাকে ধৰি বিভিন্ন প্ৰতিস্থান সমূহ চৰকাৰে বন্ধ কৰি ৰাখিছিল ৷ কৰ'ণা সৃষ্ট পৰিবেশ শাম কটাৰ লগে লগে বন্ধ ৰখা ব্যৱসায়ীক প্ৰতিস্থান সমূহকে ধৰি পৰিবহণ, বিমান সেৱাকে ধৰি দূৰণিবটীয়া ৰে'ল সেৱা আৰম্ভ কৰে যদিও চৰকাৰে আজি পৰ্যন্ত স্থানীয় ৰে'ল সেৱা মুকলি কৰি নিদিয়াৰ প্ৰতিবাদত সোমবাৰে যুৱ ছাত্ৰ পৰিষদে নলবাৰী ৰে'ল ষ্টেচনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে ৷

লগতে পঢ়ক : জম্মু-কাশ্মীৰৰ চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 249 গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দিতা

প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই স্থানীয় ৰে'ল চলাচল কৰি যাতায়ত সূচল কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ আৰু কেন্দ্ৰীয় ৰেল মন্ত্ৰীক আহ্বান জনাই জিলা উপায়ুক্তৰ জৰিয়তে এক স্মাৰকপত্ৰ প্ৰেৰণ কৰে । আনহাতে, এই ক্ষেত্ৰত স্থানীয় সাংসদ দিলীপ শইকীয়া আৰু বিধায়ক অশোক শৰ্মাকো যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে পৰিষদৰ নলবাৰী জিলা সমিতিৰ সভাপতি পাৰ্থ প্ৰতিম শৰ্মা আৰু সম্পাদক কৌশিক বৰ্মনে ।

লগতে পঢ়ক : হিমন্ত বিশ্ব শৰ্মাই বড়ো জাতিক ধ্বংস কৰাৰ ষড়যন্ত্ৰ কৰিছে : হাগ্ৰামা মহিলাৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.