নলবাৰী,১৮ জুন: দেওবাৰে নলবাৰীৰ নাট্য মন্দিৰত অনুস্থিত কৰা হয় চিপিআইএমৰ সাধাৰণ সভা । বামপন্থী নেতা ৰবীন মিশ্ৰৰ সভাপতিত্বত অনুষ্ঠিত এই সাধাৰণ সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকি উদাত্ত ভাষণ প্ৰদান কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে ।
উক্ত সাধাৰণ সভাৰ পাছতে সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰি মাণিক সৰকাৰে কয় যে, বিজেপিৰ দিনত ভাল দিনৰ আৰু আশা কৰি লাভ নাই । বিজেপিৰ দিনত ভাল দিন কেতিয়াও নাহে । বিজেপিৰ দিনত নিবনুৱা বাঢ়ি গৈ আছে, বিদ্যালয় মহাবিদ্যালয়ত শিক্ষকৰ অভাৱত বন্ধ হোৱাৰ উপক্ৰম হৈছে, উন্নয়ন স্থবিৰ হৈছে ।
ইয়াৰ পিছতো বিজেপিয়ে কেৱল ভাষণৰ ফুলজাৰিহে মাৰিব জানে আৰু বাতৰি কাকতত প্ৰচাৰ বিচাৰে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । একেদৰে অসমত বিজেপিৰ অপশাসনৰ বাবে সংখ্যালঘুৰ ওপৰত অত্যাচাৰ চলিছে বুলিও মন্তব্য কৰে মাণিক সৰকাৰে ।
লগতে পঢ়ক: MLA Atul Bora on NHPC : NHPC ক কঠোৰ সকীয়নী দিছপুৰৰ বিধায়ক অতুল বৰাৰ
ইফালে ক্ষোভৰ জুইত জ্বলি থকা মণিপুৰৰ পৰিস্থিতি সম্পৰ্কতো গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ালে বামপন্থী নেতা মাণিক সৰকাৰে । ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে, অশান্ত মণিপুৰৰ ঘটনাৰ দায়ী মণিপুৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰ । মণিপুৰত মন্ত্ৰীৰ ঘৰ জ্বলাই দিছে, মণিপুৰত ৰাইজক জ্বলাই দিছে তাৰ পিচতো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এবাৰো মণিপুৰৰ কথা চিন্তা কৰা নাই বুলি তীব্ৰ কটাক্ষ কৰে ত্ৰিপুৰাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মাণিক সৰকাৰে ।
লগতে তেওঁ কয় যে, গৃহমন্ত্ৰী অমিত শ্বাহে আহি সকলো সমস্যা সমাধান কৰিম বুলি কৈ যোৱাৰ পিছতে আৰু অধিক ভয়াৱহ পৰিস্থিতি হৈছে মণিপুৰত । এয়া এক উদ্বেগজনক আৰু অপ্ৰত্যাশিত ঘটনা বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।
লগতে পঢ়ক: Illegal gambling: জুৱাৰ গ্ৰাসত কলগাছিয়াৰ বহু অঞ্চল; বাঁহনিৰ পৰা মৰপাট তলিলৈকে সকলোতে জুৱাৰ আড্ডা