নলবাৰী, ৪ এপ্ৰিলঃ নলবাৰীত অসম পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাৰ পৰ্যবেক্ষণ সভা । নলবাৰীত এতিয়া লৈ কৰ'ণা আক্ৰান্ত ৰোগীৰ সংখ্যা হ'লগৈ ৪ । এতিয়া লৈ চিকিৎসালয়ত আছুতীয়াকৈ নিৰিক্ষণত ৰখা লোকৰ সংখ্যা হ'লগৈ ৬৭ । শনিবাৰে নলবাৰীৰ পৰিস্থিতিৰ বুজ লয় পৰ্যটন নিগমৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই । উপায়ুক্তৰ কক্ষত এই সম্পৰ্কে টাক্স ফৰ্চৰ এক পৰ্যবেক্ষণ সভাও অনুষ্ঠিত হয় । সভাৰ অন্তত সাংবাদিকেৰে বাৰ্তালাপ কৰি জয়ন্ত মল্ল বৰুৱাই চিকিৎসা কৰ্মী সকলৰ লগতে প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে । লগতে লক ডাউন মানি চলিবলৈ সকলোকে আহ্বান জনায় । ইয়াৰ উপৰিও জিলাখনত যাতে কোনেও খাদ্য বস্তুৰ সমস্যাত পৰিব লগা নহয় তাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে ।
COVID-19 ৰ সামাজিক সংক্ৰমণ নোহোৱা বুলি কোৱাৰ লগতে আটাইকেইগৰাকী কৰ'ণা আক্ৰান্ত ৰোগী প্ৰাথমিক পৰ্যায়তে ধৰা পৰা বুলিও ব্যক্ত কৰে । একেদৰে এই সময়ত সকলোকে সংযম হ'বলৈ আহ্বান জনায় জয়ন্ত মল্ল বৰুৱাই কয় যে, এই সময়ত কোনো লোকৰে ধৰ্মীয় অনুভূতিত আঘাট লগা কাৰ্যৰ পৰা বিৰত থকা উচিত । ইপিনে আজি পুনৰ ১৫ গৰাকী ব্যক্তিক আইচোলেচন কৰাৰ বাবে গুৱাহাটী সৰুসজাইলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলিও ঘোষণা কৰে ।