চামগুৰি, 25 আগষ্ট : ধিঙত পুনৰ আৰক্ষীৰ এনকাউন্টাৰ ৷ ধিঙৰ আৰক্ষীৰ এনকাউন্টাৰত আহত দুধৰ্ষ ডকাইত তথা ড্ৰাগছ মাফিয়া নুৰ হুছেইন ৷ ধিঙৰ ১ নং কান্ধুলিমাৰীত সংঘটিত হয় এই এনকাউন্টাৰ ঘটনা ৷
আৰক্ষীৰ সূত্ৰই সদৰি কৰা মতে, 22 আগষ্টৰ এটা ঘটনাৰ সৈতে জড়িত থকা অভিযোগত মাফিয়া নুৰ হুছেইনক আটক কৰিবলৈ গৈছিল ধিং আৰক্ষীৰ এটা দল ৷ ধিং আৰক্ষীৰ উমান লাভ কৰাৰ পাচত পলায়ন কৰাৰ চেষ্টা কৰিছিল দুধৰ্ষ ডকাইত, মাফিয়া নুৰ হুছেইন ৷
কিন্তু ধিং আৰক্ষীৰ তৎপৰতাৰ বাবে পলায়ন কৰিবলৈ সক্ষম নহয় নুৰ হুছেইন ৷ ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ সময়তে নুৰ হুছেইনে পিষ্টলেৰে আৰক্ষীক লক্ষ্য কৰি গুলীচালনা কৰাৰ চেষ্টা কৰিছিল ৷ সেয়েহে আত্মৰক্ষাৰ বাবে ধিং আৰক্ষীয়ে নুৰ হুছেইনক গুলিয়াই আহত কৰিবলৈ বাধ্য হয় ৷ আৰক্ষীৰ গুলীচালনাত নুৰ হুছেইনৰ ভৰিত গুলি লাগে বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷
লগতে পঢ়ক: মৃত্যুৰে যুঁজি অৱশেষত হাৰ মানিলে নন্দিতাই
উল্লেখ্য যে, ভৰি গুলি লগাৰ ফলত গুৰুতৰ ভাৱে আহত হয় দুধৰ্ষ ডকাইত নুৰ হুছেইন ৷ ঘটনা সংঘটিত হোৱাৰ লগে লগে উন্নত চিকিৎসাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় ৷ বৰ্তমান নগাঁও অসামৰিক চিকিৎসালয়তে চিকিৎসাধীন হৈ আছে বুলি জানিব পৰা গৈছে ৷
যোৱা 22 আগষ্টৰ তাৰিখে দুধৰ্ষ ডকাইত তথা ভূ-মাফিয়া নুৰ হুছেইনৰ নেতৃত্বত ২০-২৫ জনীয়া অস্ত্ৰধাৰী এটা দলে একে অঞ্চলৰে উৰজত আলি নামৰ এজন লোকৰ লগতে আন চাৰিজন লোকক আক্ৰমণ কৰিছিল ৷ আক্ৰমণত উৰজত আলি সহ আন চাৰিজন লোক গুৰুতৰভাৱে আঘাট প্ৰাপ্ত হৈছিল ৷
তথ্য অনুসৰি উৰজত আলি নামৰ লোকজনক পিষ্টলেৰে গুলীয়াইছিল নুৰ হুছেইনে । ফলত বৰ্তমানেও চিকিৎসাধীন হৈ আছে উৰজত আলি ৷ ইয়াৰ পাচতে উক্ত ঘটনাৰ সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছিল ধিং আৰক্ষীয়ে ৷
লগতে পঢ়ক: বাৰিষাৰ ভৰা নৈ খোজকাঢ়ি পাৰ হ’বলগীয়া এটা বিশেষ অঞ্চল...