ETV Bharat / state

Dhamdhama MPHC : চিকিৎসক অবিহনে চলিছে নলবাৰীৰ ধমধমাৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

author img

By ETV Bharat Assamese Team

Published : Nov 1, 2023, 4:59 PM IST

চিকিৎসক অবিহনেই চলিছে ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ ৷ ফলত বৃহত্তৰ ধমধমাত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৰোগী আৰু ৰাইজৰ মাজত ৷

Dhamdhama MPHC
স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ

চিকিৎসকৰ অবিহনে চলিছে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ

নলবাৰী, 1 নৱেম্বৰ : ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ ৷ ৰাজ্যত স্বাস্থ্য সেৱাৰ নামত চলি আছে এতিয়া চৰম অৰাজকতা ৷ ঠায়ে ঠায়ে চিকিৎসালয়ৰ নামত কেৱল আটকধুনীয় ঘৰ কেইটাৰ বাহিৰে নাই আৰু কোনো উন্নত ব্যৱস্থা ৷ স্বাস্থ্য খণ্ডৰ ফোপোলা স্বৰূপ উদঙাইছে ধমধমা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰই ৷

নলবাৰী জিলাৰ উত্তৰ প্ৰান্তত অৱস্থিত বৃহত্তৰ ধমধমাত এতিয়া হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৰোগী আৰু ৰাইজৰ মাজত ৷ দীৰ্ঘদিনৰে পৰা চিকিৎসক অবিহনে চলি আছে ধমধমা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ৷ ৰাজ্য চৰকাৰে যি সময়ত স্বাস্থ্য বিভাগত আমোল পৰিবৰ্তন সাধনৰ শ্লোগান দি আছে তেনে সময়তে অধিকাংশ গ্ৰাম্য অঞ্চলৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসক অবিহনে চলিছে চিকিৎসালয় সমূহ ৷ যাৰ বাবে এতিয়া ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ৰোগীৰ মাজত হাহাকাৰময় অৱস্থাৰ সৃষ্টি হৈছে ৷

কোনো চিকিৎসক অবিহনে চৰকাৰী ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰটো চলি থকাত চিকিৎসাৰ অবিহনেই উভতি যাবলগীয়া হৈছে বৃহত্তৰ ধমধমাৰ ৰোগী আৰু ৰাইজ ৷ এই স্বাস্থ্য কেন্দ্ৰটোত অসম চৰকাৰে বহু বছৰৰ পৰাই চিকিৎসক নিযুক্তি নিদিয়াৰ অভিযোগ উত্থাপন কৰে স্থানীয় আছু কৰ্মীকে ধৰি ৰাইজে ৷

সময়ে সময়ে মাজুশিৰাল অথবা ঘগ্ৰাপাৰৰ পৰা চিকিৎসক এইখন ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত নিয়োজিত কৰে যদিও, নিযুক্তিৰ কেইদিনমান পিছতে পুনৰ অন্য স্থানলৈ চিকিৎসকক স্থানান্তৰিত কৰাৰ অভিযোগ স্থানীয় লোকৰ ৷ সম্প্ৰতি বৃহত্তৰ ধমধমা অঞ্চলৰ স্বাস্থ্য সেৱাৰ সুবিধাৰ্থে অসমৰ মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীক অনতি পলমে এইখন চিকিৎসালয়খনত চিকিৎসক নিযুক্তি দিয়াৰ দাবী জনাইছে স্থানীয় ৰাইজ তথা দল-সংগঠনে ৷

লগতে পঢ়ক : MLA Mrinal Saikia : আন্তঃৰাষ্ট্ৰীয় আগৰ বাণিজ্য কেন্দ্ৰৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন বিধায়ক মৃণাল শইকীয়াৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.