ETV Bharat / state

মুকালমুৱা মহকুমা চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীয়ে ভুগিছে নৰক যন্ত্ৰণা - পৰিত্যক্ত হৈ পৰি ৰৈছে মুকালমুৱা মহকুমা চিকিৎসালয়

Attention ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়া ৷ আপুনি বাৰু জানেনে আপোনাৰ বিভাগৰ ভিতৰ চ’ৰাত কি ঘটি আছে ? আপুনি বাৰু জ্ঞাত নে কেনে অৱস্থাত আছে ৰাজ্যৰ চৰকাৰী চিকিৎসালয় সমূহ ? যদি আপুনি এই বিষয়ে জ্ঞাত নহয়, তেন্তে এই আমাৰ এই প্ৰতিবেদন আপোনাৰ বাবে ৷

evastated form of Mukalmua BPHC
মুকালমুৱা মহকুমা চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীয়ে ভূগিছে নৰক যন্ত্ৰনা
author img

By

Published : Apr 26, 2022, 4:37 PM IST

নলবাৰী, 26 এপ্ৰিল : অস্বাস্থ্যকৰ অৱস্থাত পৰিত্যক্ত হৈ পৰি ৰৈছে মুকালমুৱা মহকুমা চিকিৎসালয় (Devastated form of Mukalmua BPHC) ৷ শৌচ-প্ৰস্ৰাৱৰ দুৰ্গন্ধময় পৰিৱেশৰ মাজত সময় অতিবাহিত কৰিব লগাত পৰিছে ৰোগীয়ে ৷ এক প্ৰকাৰে এই চিকিৎসালয়ত নৰক যান্ত্ৰণা ভুগিব লগীয়া হৈছে ৰোগীৰ আত্মীয় তথা নৱজাতকেও ৷

এই ক্ষেত্ৰত কাণষাৰ নাই বিভাগীয় কৰ্তৃপক্ষৰ ৷ এই অভিযোগ উত্থাপন কৰিছে ৰোগী তথা আত্মীয়ই ৷ আনকি নলবাৰী জিলা স্বাস্থ্য সঞ্চালকালয়ৰ ফালৰ পৰাও কোনো পৰিদৰ্শন নকৰাৰ এক অভিযোগ উত্থাপন হৈছে ৷

লগতে পঢ়ক : Jal Jeevan Mission in Tripura : জল জীৱন মিছনৰ কামৰ অগ্ৰগতি সম্পৰ্কে গুৰুত্বপূৰ্ণ বৈঠক

আনহাতে, ৰাজ্যৰ স্বাস্থ্যখণ্ডই নিৰ্মিয়মান অৱস্থাত থকা নলবাৰী চিকিৎসা মহাবিদ্যালয় (Nalbari medical college)ৰ সৈতে সংযোজন কৰিবলৈ লৈছে কেঞ্চাৰ হাস্পতাল ৷ কিন্তু তেনে সময়তে জিলাখনৰ এখন চৰকাৰী হাস্পতালখনৰ এনে অস্বাস্থ্যকৰ পৰিৱেশ তথা আন্তঃগাঁঠনিৰ পঁয়ালগা অৱস্থাই অন্যান্য ৰোগীৰ লগতে প্ৰসূতি আৰু নৱজাতকৰ জীৱনলৈও কঢ়িয়াই আনিছে চৰম ভাবুকি ৷

মুকালমুৱা মহকুমা চিকিৎসালয়ৰ অস্বাস্থ্যকৰ পৰিৱেশত ৰোগীয়ে ভূগিছে নৰক যন্ত্ৰনা

তথ্য অনুসৰি, নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ প্ৰাণকেন্দ্ৰ মুকালমুৱাত থকা মহকুমা চিকিৎসালয়লৈ নিতৌ আহে শ শ ৰোগী । 30 খন বিচনাযুক্ত চিকিৎসালয়খনত এক অস্বাস্থ্যকৰ পৰিৱেশত চিকিৎসাধীন হ’বলগীয়া হৈছে ভালে সংখ্যক ৰোগী ৷ অভিযোগ অনুসৰি, গোহালী গৃহতকৈও অতি শোচনীয় অৱস্থা এই চিকিৎসালয়ত ৰোগীক ৰখা হয় । আনকি, ৰোগীৰ বাবে নাই এটাও ব্যৱহাৰোপযোগী মল-মূত্ৰ ত্যাগ কৰা গৃহ ৷

উল্লেখ্য যে, চিকিৎসালয়খনত প্ৰয়োজনীয় সকলোখিনি থকাৰ পিছতো স্বাস্থ্যকেন্দ্ৰৰ অস্বাস্থ্যকৰ পৰিৱেশে স্বাভাবিকতে অস্বস্তিত পেলাইছে এতিয়া ৰাইজক ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিশেষ নজৰ দিবলৈ ৰোগীৰ লগতে স্থানীয় ৰাইজেও চৰকাৰ আহ্বান জনাইছে ৷

লগতে পঢ়ক : মুৱামাৰি আদৰ্শ চিকিৎসালয়ৰ বিধ্বস্ত ৰূপ: চিকিৎসালয়ত চিকিৎসক নথকাৰ অভিযোগ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.