ETV Bharat / state

Tense situation at Mukalmua Sub-Division Civil Hospital: চিকিৎসালয়ত ভৰ্তিৰ পিছতেই শিশুৰ মৃত্যু; চিকিৎসকৰ গাফিলতিৰ অভিযোগ

author img

By

Published : Jul 28, 2022, 12:15 PM IST

এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি বুধবাৰে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই শিশুটিৰ মৃত্যু ঘটা বুলি অভিযোগ উত্থাপন কৰে আত্মীয়ই (Child died due to negligence of doctors) ৷

Child Death at Mukalmua
চিকিৎসালয়ত ভৰ্তি কৰাৰ পিছতেই শিশুৰ মৃত্যু

নলবাৰী, 27 জুলাই: নলবাৰীত উত্তপ্ত পৰিস্থিতি ৷ চিকিৎসকৰ গাফিলতিৰ বাবেই এটি শিশুৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰে শিশুটোৰ অভিভাৱকে ৷

ঘটনাৰ বিৱৰণি অনুসৰি, বুধবাৰে মুকালমুৱাৰ আদাট্টাৰী গাঁৱৰ বিষ্ণুপুৰ চুবুৰীৰ এটি পাঁচ বছৰীয়া কণমানি শিশু পানীত পৰা পিছতেই শিশুটিক ততালিকে মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰে পৰিয়ালৰ লোকে ৷ ইয়াৰ পিছতেই শিশুটিক অক্সিজেন দি এঘণ্টালৈ কোনো চিকিৎসকে এবাৰো পৰীক্ষা কৰিবলৈ নাহিল বুলি অভিযোগ উত্থাপন কৰে শিশুটিৰ আত্মীয়ই (Death of child allegedly due to negligence of doctors)৷

পৰৱৰ্তী সময়ত শিশুটোক পৰীক্ষা কৰি মৃত বুলি ঘোষণা কৰে চিকিৎসকে (Child Death In Mukalmua) ৷ শিশুটোৰ মৃত্যুৰ পিছতে চিকিৎসালয়খনত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় (Tense situation at Mukalmua Sub-Division Civil Hospital)৷

ইফালে শিশুটিক চোৱা চিকিৎসকগৰাকীয়ে এই বিষয় সন্দৰ্ভত কয়,"শিশুটোক দুপৰীয়া প্ৰায় 12 বজাত ভৰ্তি কৰা হৈছিল ৷ কিন্তু শিশুটোক ভৰ্তি কৰোঁতেই মৃত অৱস্থাত আছিল ৷ মৃত শিশুটোক আমি বচাব নোৱাৰো ৷"

এই সমগ্ৰ ঘটনা আৰক্ষীক অৱগত কৰে ভুক্তভোগীৰ পৰিয়ালে ৷ ঘটনাৰ খবৰ পোৱা পাছতে মুকালমুৱা আৰক্ষীৰ এটা দল চিকিৎসালয়ত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে শিশুটিৰ মৃত্যুৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷

লগতে পঢ়ক: বাঢ়নী পানীত পৰি ধুবুৰীত দুবছৰীয়া শিশুৰ মৃত্যু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.