ETV Bharat / state

কালাগৰ তিনিদিনীয়া দৌলোৎসৱৰ সামৰণি - Holi Celebrations in Barbhag Shyamrai Satra

তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে বৰভাগৰ শ্যামৰায় সত্ৰ (Barbhag Shyamrai Satra) ত অনুষ্ঠিত দৌলোৎসৱৰ সামৰণি (Holi Celebrations in Barbhag Shyamrai Satra) ৷ শনিবাৰে অনুষ্ঠিত সুঁৱেৰীৰ পিছতে সামৰণি পৰে এই দৌল উৎসৱৰ ৷ দৌল উৎসৱৰ থলীত ভক্তপ্ৰাণ ৰাইজৰ অভূতপূৰ্ব ভিৰ ৷

closing-ceremony-of-holi-celebrations-in-barbhag-shyamrai-satra-nalbari
কালাগৰ তিনিদিনীয়া দৌলোৎসৱৰ সামৰণি
author img

By

Published : Mar 20, 2022, 8:55 AM IST

Updated : Mar 20, 2022, 9:35 AM IST

নলবাৰী, 20 মাৰ্চ : দৌল মহোৎসৱ উপলক্ষে ভক্তিৰসত ডুব গৈছিল ৰাজ্যবাসী ৷ ফাগুণৰ পূৰ্ণিমাৰ দিনাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত অনুষ্ঠিত মহাপ্ৰভূ শ্ৰীকৃষ্ণৰ দৌলোৎসৱৰ শনিবাৰে সামৰণি পৰে ৷ নলবাৰীৰ গুৰুত্বপূৰ্ণ স্থান হিচাপে পৰিচিত বৰভাগৰ কালাগৰ শ্যামৰায় সত্ৰতো (Barbhag Shyamrai Satra) বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হয় দৌল মহোৎসৱ ৷ তিনিদিনীয়াকৈ অনুষ্ঠিত এই দৌলোৎসৱত ভিৰ কৰেহি ভিন্ন প্ৰান্তৰ সহস্ৰাধিক লোকে ৷ শনিবাৰে অনুষ্ঠিত সুঁৱেৰীৰ পিছতে সামৰণি পৰে এই দৌল উৎসৱৰ (Holi Celebrations in Barbhag Shyamrai Satra) ৷

প্ৰবাদ অনুসৰি, মহাপ্ৰভূ শ্ৰীকৃষ্ণই তেওঁ‌ৰ একান্ত ভক্ত ঘুনুচাৰ গৃহলৈ যাত্ৰা কৰাৰ দিনৰে পৰা আৰম্ভ হয় এই দৌল মহোৎসৱৰ ৷ মণিকূটৰ পৰা ওলাই গৈ ঘুনুচাৰ বাৰীত উপস্থিত হোৱা মহাপ্ৰভূৱে লক্ষ্মী আইক এৰি ঘুনুচাক বিয়া পতাৰো প্ৰবাদ শতিকাজুৰি চলি আহিছে ৷ ঘুনুচাৰ ঘৰত এদিন থকাৰ পিছত তেওঁ পুনৰ উভতি আহে লক্ষ্মী আইৰ গৃহলৈ ৷ মূলতঃ এই দিনটোকে সুঁৱেৰী বুলি কোৱা হয় ৷

কালাগৰ তিনিদিনীয়া দৌলোৎসৱৰ সামৰণি

মহাপ্ৰভূ গৰাকীক লক্ষ্মী আয়ে ঘুনুচাৰ গৃহৰ পৰা অহাৰ বাবে গৃহত অথবা মণিকূটত প্ৰৱেশ কৰাত বাধা প্ৰদান কৰে ৷ লক্ষ্মীআইৰ ভক্তসকলে বাঁহ বান্ধি শ্ৰীকৃষ্ণৰ আগমনত হেঙাৰ দিয়ে ৷ ইফালে তাকে দেখি কৃষ্ণৰ ভক্তসকলে সেই বাধা ওফৰাই লক্ষ্মীআইৰ গৃহত মহাপ্ৰভূক প্ৰৱেশ কৰোৱায় ৷ প্ৰতিকী অৰ্থত প্ৰতিবছৰে কালাগৰ শ্যামৰায় সত্ৰত সুঁৱেৰীৰ লগতে এই বাঁহ ভঙা কাৰ্যসূচী অনুষ্ঠিত কৰি অহা হৈছে ৷ প্ৰায় 7 ডালকৈ বাঁহ ভঙাৰ পিছত মহাপ্ৰভূ শ্ৰীকৃষ্ণক পুনৰ থাপনাত প্ৰতিষ্ঠা কৰা হয় ৷

এইদৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতি-নীতি অনুসৰি কালাগৰ শ্যামৰায় সত্ৰত প্ৰতিবছৰে অনুষ্ঠিত কৰা হয় দৌলোৎসৱ (Holi celebration in Shyamrai Satra) ৷ কেৱল বৰভাগৰ শ্যামৰায় সত্ৰতে মাথো নহয়, মালিকুছিত অৱস্থিত সত্ৰতো অতীতৰে পৰা দৌলোৎসৱৰ কাৰ্যসূচী অনুষ্ঠিত কৰি আহিছে ভক্তপ্ৰাণ ৰাইজে ৷

লগতে চাওক: সামৰণি পৰিল বৰপেটা সত্ৰৰ দৌল মহোৎসৱৰ

Last Updated : Mar 20, 2022, 9:35 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.