ETV Bharat / state

Pathaan controversy: সনাতন সংস্কৃতিৰ মৰ্যাদা আছে বাবে পাঠান নাচাওঁ: ভৱেশ কলিতা

শ্বাহৰুখ খানৰ 'পাঠান' বিতৰ্কৰ অন্ত পৰা নাই (Pathaan controversy)। এইবাৰ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতই শ্বাহৰুখ খানৰ বহু বিতৰ্কিত চলচিত্ৰ 'পাঠান' সন্দৰ্ভত মন্তব্য় কৰি কেতিয়াও অপ-সংস্কৃতিক প্ৰাধান্য নিদিয়ে বুলি কয় ।

author img

By

Published : Jan 28, 2023, 4:29 PM IST

Etv Bharat
Etv Bharat
ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা

নলবাৰী, ২৮ জানুৱাৰী: নলবাৰী জিলাৰ ধমধমাৰ মহিনাত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন (15th biennial conference of Kalita Alpine peoples)। শুকুৰবাৰৰ পৰা আৰম্ভ হোৱা সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ এই অধিৱেশনৰ আজি দ্বিতীয় দিন । উল্লেখ্য় যে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ পঞ্চদশ দ্বি-বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশনখনি নলবাৰী আৰু বাক্সা জিলাৰ আতিথ্যত মহিনা গাঁৱত কুমাৰ ভাস্কৰ বৰ্মা ক্ষেত্ৰত বৰ্ণাঢ্য় কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে (All Assam Kalita Alpine Peoples Conference)। আজি দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই ।

নলবাৰীৰ মহিনাত কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ দ্বি-বাৰ্ষিক অনুষ্ঠানত উপস্থিত হৈ ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতই শ্বাহৰুখ খানৰ বহু বিতৰ্কিত চলচিত্ৰ 'পাঠান' সন্দৰ্ভত মন্তব্য় আগবঢ়ায় (State BJP president react on Pathaan)। বিতৰ্কিত চলচিত্ৰ 'পাঠান' সন্দৰ্ভত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই কয়,"কাশ্মীৰ ফাইলছ মই চাইছিলো । কাৰণ, দৰকাৰ আছে কাশ্মীৰ ফাইলছ চোৱাটো । পাঠান মই নাচাওঁ । কাৰণ পাঠান হৈছে অপসংস্কৃতি । আমাৰ সনাতন সংস্কৃতিৰ সন্মান আছে । সনাতন সংস্কৃতিৰ মৰ্যাদা আছে । সেইবাবে আমি পাঠান নাচাওঁ (Bhabesh Kalita react on Pathaan)। " যিসকলে পাঠান চাইছে তেওঁলোকে অপ-সংস্কৃতিক প্ৰাধান্য দিছে বুলি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতই মন্তব্য় কৰি কয় " মই কেতিয়াও অপ-সংস্কৃতিক প্ৰাধান্য নিদিওঁ । মোৰ ভাত খোৱাৰেই সময় নাই ,গতিকে চিনেমা চোৱাৰো সময় ক'ত ? "

উল্লেখ্য় যে এই ছবিখনৰ মুক্তিৰ আগৰ পৰাই বিভিন্ন দল-সংগঠনবোৰে ছবিখনত দীপিকা পাডুকনে পৰিধান কৰা গেৰুৱা বসনৰ বাবে বৰ্জন কৰাৰ ভাবুকি দি আছিল ৷ ইয়াৰ পিছতো পূৰ্বে থিৰাং হোৱা তাৰিখতেই মুক্তি লাভ কৰিলে এই ছবিখনে ৷ মুক্তিৰ দিনাই কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় শ্বাহৰুখ খানৰ পাঠানে (Pathaan controversy in Assam) ৷ ছবিখনক লৈ ঠায়ে ঠায়ে বিতৰ্ক হোৱাৰ লগতে বিভিন্ন মন্তব্য় আগবঢ়োৱাৰ মাজতেই এইদৰে মন্তব্য় আগবঢ়ালে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতই ।

এই অধিৱেশনৰ প্ৰথম দিনা পুৱা অৰ্থাৎ শুক্ৰবাৰে সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি ডাঃ ৰমেন কুমাৰ কলিতাই মূল পতাকা উত্তোলন কৰি সন্মিলনৰ শুভাৰম্ভণি কৰাৰ পিছতেই ৩৫ খন পতাকা উত্তোলন কৰা হয় । আনহাতে, বন্তি প্ৰজ্বলন আৰু স্মৃতি তৰ্পণ কৰে ক্ৰমে প্রতুল কুমাৰ কলিতা আৰু অভিষেক কলিতাই ।

লগতে পঢ়ক:Kaliabor Electoral Roll 2023: কলিয়াবৰ বিধানসভা সমষ্টিৰ ২০২৩ বৰ্ষৰ ফটোযুক্ত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.